বিহু উদযাপনৰ বাবেই এঘৰীয়া কৰিলে ২৫টাকৈ পৰিয়ালক…

ছিপাঝাৰৰ বামুণঝাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা।

যিটো সময়ত বিহুৱে সকলো জাতি,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমন্বয় সাধন কৰিছে, একতাৰ জড়িৰে বৃহৎ অসমীয়া জাতিক এক কৰি ৰাখিছে, তেনে সময়ত দেখা গৈছে এক বিপৰীত ছবি।

অন্য সম্প্ৰদায়ৰ সৈতে বিহু উদযাপন কৰাৰ আপৰাধত এঘৰীয়া কৰা হৈছে প্ৰায় ২৫ ঘৰ মানুহক।

প্ৰায় ৬টা সম্প্ৰদায়ে উদযাপন কৰা বিহুত সহযোগ কৰাৰ বাবে বিভাজন নাথ সম্প্ৰদায়ৰ মাজত।

এঘৰীয়া কৰা পৰিয়াল কেইটাক শাস্তি হিচাপে দাবী কৰা হৈছে দহ হাজাৰকৈ টকা।

উক্ত ঘটনাটোৱে সমগ্র অঞ্চলটোতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

Related Articles