Breaking

প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…

0 45

প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান।

GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বড়ো।

মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৰ বয়স হৈছিল ৮৫ বছৰ।

অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰাজহমন্ত্ৰী, বিশিষ্ট সমাজসেৱী থানেশ্বৰ বড়োৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ।

তেখেতৰ বিয়োগ অসম গণ পৰিষদৰ পৰিয়ালৰ লগতে জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই।

পুৱা ৭.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.