Breaking

চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…

0 20

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চ’ছাইটি গাঁৱৰ দুলাল গোস্বামী আৰু লক্ষী গোস্বামীৰ কনিষ্ঠ পুত্ৰ তথা চিলাপথাৰ সীতাৰাম টায়ে হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী (১৪) নামৰ স্কুলীয়া ছাত্ৰ গৰাকী আজি চাৰিটা দিনে সন্ধানহীন হোৱা খৱৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰত। ঘটনাৰ বিৱৰণী মতে ১৪ মে’ৰ পুৱাই স্কুললৈ

বুলি ওলাই যোৱা ছাত্ৰ গৰাকীয়ে দুপৰীয়া ঘৰত স্কুলৰ কিতাপ-বহিৰ বেগ এৰি থৈ ওলাই যায় হঠাৎ সন্ধান হীন হৈ পৰিছে।  পৰিয়ালৰ লোকে আত্মীয় লোকৰ ঘৰত বিছাৰ কৰিছে যদিও আজি চাৰিটা দিনে ছাত্ৰজনৰ কোনো শুং সূত্ৰ লাভ পৰিয়ালে।

ঘটনা সংক্ৰান্তত চিলাপথাৰ আৰক্ষী থানাত লিখিত জাননী প্ৰদান কৰিছে পৰিয়ালে। চাৰিটা দিনে সন্ধানহীন হৈ থকা নিৰজ গোস্বামীৰ সন্ধান পালে সদাশয় ৰাইজক 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ দুলাল গোস্বামীয়ে কাতৰ অনুৰোধ জনাইছে। ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি।

Leave A Reply

Your email address will not be published.