Breaking

ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…

0 9

ডিমৌ আঞ্চলিক টিএমপিকে, টিএমএমকে,এমএমকেৰ  

যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ নতুন সমিতি গঠন,হাইস্কুল, হায়াৰচেকেণ্ডেৰী উতীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা।

মিচিং জাতীয় সংগঠন টিএমপিকে,টিএমএমকে আৰু এমএমকেৰ  ডিমৌ আঞ্চলিক সমিতিৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে দিজমুৰ মিচিং কৃষ্টি ভৱনত কালি অনুষ্ঠিত কৰা হয়। পৰিৱেশ নিকাকৰণ বৃক্ষৰোপণৰে আৰম্ভ হোৱা কাৰ্যসূচীত তিনিওখন আঞ্চলিক সমিতিৰ পতাকা উত্তোলনৰ পাছত শ্বহীদ তৰ্পণ, প্ৰতিনিধি পঞ্জীয়ন কৰাৰ পাছত প্ৰতিনিধি সভা উদ্বোধন কৰে ডিমৌ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সমাজসেৱক দেৱানন্দ পাংগিঙে  ৷ মুকলি সভাত সভাপতিত্ব কৰে টিএমপিকে, এমএমকে আৰু টিএমএমকে সভাপতি ক্ৰমে উপেন পাংগিং, লক্ষ্যনাথ টায়ে আৰু সবিতা পাংগিঙে ৷ উদ্দেশ্য ব্যাখ্যা কৰে এমএমকে সম্পাদক লক্ষ্মীনাথ পাংগিঙে ৷ প্ৰতিবেদন পাঠ কৰে টিএমপিকেৰ সম্পাদক ধৰ্মেন্দ মিপুনে।

সভা উন্মোচন কৰে এম এ চি ৰ সাধাৰণ সদস্য কনক চন্দ্ৰ দলেৰ লগতে প্ৰাক্তন গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা মালবিকা মিলি চুংক্ৰাঙে। মিচিং সকলৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰি অহা সংগ্ৰামৰ লগতে মিচিং সকলৰ সামাজিক ,শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত লৈ অহা বলিষ্ঠ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয় অনুষ্ঠিত মুকলি সভাত। লগতে যুৱ চামক কৃষি  কৰ্মৰ জৰিয়তে বিজ্ঞানসন্মত আৰু নতুন কৃষি পদ্ধতি অৱলম্বন কৰি  কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা, সেউজ বিপ্লৱ গঢ়ি তোলাৰ উপৰিও মিচিং স্বায়ত্বশাসিত পৰিষদক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো আলোচনা কৰা  হয়। অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫০ৰোঅধিক কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য কৃষ্ণকান্ত দলে, চিলাপথাৰ জিলা টিএমপিকেৰ সভাপতি ৰাজীৱ দলে,

সম্পাদক মানস কুলি, এম এম কেৰ চিলাপথাৰ জিলা সমিতিৰ সভাপতি ৰাজু পেগু, সম্পাদক চিবিৰাম টাৱ, টিএম এম কেৰ চিলাপথাৰ জিলা সমিতিৰ সভানেত্ৰী গুণলতা মৰাং, সম্পাদিকা জয়া পেগু, টিএমপিকে সহকাৰী সম্পাদক দীপেন মিলি, শিক্ষা সম্পাদক কপিল দলে, ক্ৰীড়া সম্পাদক ললিত দলে, সাংগঠনিক সম্পাদক ভৱেন টায়ে, হিতেশ দলে, ৰাজু মিলি, ৰাকেশ পাংগিং, অৰুণ পাংগিং পবিত্ৰ চাৰহ প্ৰাক্তন ডিমৌ গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ্মাৱতী টায়েং মিপুন লগতে বহু লোক উপস্থিত থাকে। ইফালে তিনিওটা সংগঠনৰ জিলা সমিতিৰ ক্ৰমে – ভুলা কুটুম,ধনেশ্বৰ পামে,যুৱনাথ দলে,অঞ্জু দলে, সঞ্জীৱ পেগু,নীৰোমাই পামে আৰু নন্দিতা দলে জিলা পৰ্য্যবেক্ষক হিচাপে উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাত টিএমপিকে সভাপতি দেৱানন্দ পাংগিং, সম্পাদক ধৰ্মেন্দ মিপুন, এমএমকে সভাপতি লক্ষ্যনাথ টায়ে, সম্পাদক লক্ষ্মীনাথ পাংগিং, টিএমএমকে সভানেত্ৰী ৰেকামনি পামে  আৰু সম্পাদিকা ৰুপাঞ্জুলী পেগুক মনোনীত কৰি পূৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । জাতীয় জীৱনক গুৰুত্ব দি সদায় জাতীয় দায়বদ্ধতাৰে কাম কৰি যাবলৈ নৱগঠিত সমিতিক আহ্বান জনায় চিলাপথাৰ জিলা সমিতিৰ তৰফৰপৰা ৷

Leave A Reply

Your email address will not be published.