সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই

অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু বহাগ বিহুটো ধৰি ৰাখিবলৈ নৱ প্ৰজন্মই প্ৰয়াস নকৰা বুলি সময়ে সময়ে আলোচনা হয় যদিও উৰিয়ামঘাটৰ বিদ্যাদিপ্তা নামৰ এগৰাকী কনমানিয়ে বিহু নাচি ৭০ টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা খৱৰে ভৱিষ্যতে নৱ প্ৰজন্মই বিহুটো ধৰি ৰাখিব ই এক আশাৰ বটৰা হৈছে ৷ ৭৫ খন বিহু মঞ্চৰ সৰু বিহুৱতী প্ৰতিযোগিতাত ৭০ খন বিহু মঞ্চত সৰু বিহুৱতী প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিলে উৰিয়ামঘাটৰ জীয়ৰী বিদ্যাদিপ্তা বৰুৱাই। উৰিয়ামঘাট জোনাকী পথাৰৰ মাণিক বৰুৱা, জয়া বৰুৱাৰ কণিষ্ঠ কন্যাই গৌৰৱ কঢ়িয়াই আনিলে ধনশিৰি মহকুমালৈ ।

উল্লেখ্য যে , ৭০ খন বিহু মঞ্চৰ ভিতৰত ৫২ টা প্ৰথম পুৰস্কাৰ,১৫ টা দ্বিতীয় পুৰস্কাৰ ,৩ টা তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যাদিপ্তা বৰুৱা । সত্ৰীয়া নৃত্য,একক নৃত্য , ফেশ্বনৰ লগতে সংগীততো আগ্ৰহৰ থকাৰ লগতে আন আন বহু প্ৰতিভা আছে কণমানি বিদ্যাদিপ্তাৰ । গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিদ্যাদিপ্তা ভৱিষ্যতে বিহু সম্ৰাগী হোৱাৰ লগতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন কণমানি বিদ্যাদিপ্তাৰ ৷ বিহু মঞ্চন সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা বিদ্যাদিপ্তাৰ সাফল্যত গৌৰাম্বিত পিতৃ মাতৃ লগতে উৰিয়ামঘাটবাসী ।

Related Articles