শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ…

শিক্ষাৰ নামত তালিবানি শাস্তি ব্যক্তিগত খ্ৰীষ্টান মিছনেৰী স্কুলত। শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতন চলিছে চিলাপথাৰ ডন’বস্ক হাইস্কুলত। তেনেই এক অভিযোগ তুলিছে এগৰাকী ছাত্ৰীৰ অভিভাৱকে। অভিযোগমতে স্কুলখনৰ ছাত্ৰী তনুশ্ৰী নাথ (৭)ৰ  কণমানি ছাত্ৰীক শ্ৰেণীকোঠাত সুদ্বিপা পাল নামৰ শিক্ষয়িত্ৰী

গৰাকীয়ে দিয়া নিয়মমাফিক বহিত লিখাৰ পাছতো আক্ৰোশ মূলক ভালে  শিক্ষয়িত্ৰী গৰাকীয়ে কাণতলীয়া চৰ সুধোৱাত কাণৰ পৰ্দালৈকে আঘাত পাপ্ত হয় ছাত্ৰী। দুয়োখন গালত চৰ’ৰ সুধোৱাত বৰ্তমান ছাত্ৰী গৰাকীৰ মূৰত প্ৰচণ্ড বিষ অনুভৱ কৰিছে লগতে কাণৰ পৰ্দালৈকে আঘাত হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে।

ঘটনাটো শুকুৰবাৰৰ আছিল যদি সিহতীয়াকৈ পোহৰত আহিছে সকলো। ইতিমধ্যেই গুৰুত্বৰ আঘাতপ্ৰাপ্ত হোৱা  কণমানি ছাত্ৰী গৰাকীক ডিব্ৰুগড়স্থিত  ব্ৰহ্মপুত্ৰ হস্পিতালত ভৰ্তি কৰোৱায় চিকিৎসা কৰি থকা হৈছে বুলি অভিভাৱকে জানিব দিছে। তালিবানি কায়দাৰে শিক্ষাদান চলোৱা বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিলাপথাৰত। 

Related Articles