Breaking

বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…

0 36

বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তালগুৰীত টুনীয়া নৈৰ ব্যাপক খহনীয়াই তীব্ৰ ভাবুকি আনিছে স্থানীয় ৰাজহুৱা শ্মশানৰ লগতে এটি গুৰুত্বপূৰ্ণ পথলৈ। বছৰ বছৰ ধৰি খহনীয়াৰ কৱলত থকা অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ-জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্ত্তৃপক্ষক স্থানীয় ৰাইজে বহুবাৰ আবেদন জনোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰী কোনো আঁচনি ৰূপায়িত নোহোৱাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। জলসম্পদ বিভাগ-স্থানীয় বিধায়ক-স্থানীয় পঞ্চায়ত কাৰো এই বিষয়ত ভাবিবলৈ আহৰি নাই। পূৰ্বে দুই-তিনিবাৰ ৰাইজে নিজাববীয়াকৈ গাঁঠিৰ ধনেৰে নৈখনৰ কেবাঠাইতো বাঁহৰ পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা চলাইছিল।

টুনীয়া নৈৰ খহনীয়াত প্ৰতিবছৰে বিস্তীৰ্ণ অঞ্চল জাহ যোৱাৰ পিছত তালগুৰী ৰাজহুৱা শ্মশানখন খহনীয়াত নিশ্চিহ্ন হোৱাৰ পথত। মৃতদেহ সৎকাৰৰ ঠাইৰ অভাৱ হৈছে শ্মশানখনত। অঞ্চলটোৰ হিন্দু ধৰ্মাৱলম্বী মৃত ব্যক্তিৰ শেষ সৎকাৰৰ ক্ষেত্ৰত এতিয়া ব্যাপক সমস্যা হৈছে। ইফালে শ্মশানলৈ যোৱা পথটোও এফালৰ পৰা খহি খহি গৈ আছে। শ্মশানৰ ওচৰতে থকা গাঁওখনৰ এটি চুবুৰীৰ লোকসকলে যাতায়ত কৰা পথটি খহনীয়াৰ কৱলত পৰাত তেওঁলোকো সমস্যাত পৰিছে। পূৰ্বে বহুবাৰ কেইবাজনো জনপ্ৰতিনিধি তথা বিষয়াই খহনীয়াপীড়িত অঞ্চল পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতিসমূহ ফুটুকাৰ ফেনত পৰিণত হ’ল। স্থানীয় ৰাইজে তালগুৰীৰ খহনীয়া প্ৰতিৰোধৰ তৎকালীন ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহবান জনাইছে।

Leave A Reply

Your email address will not be published.