বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এইবাৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত বহলপুৰ শেগুণঝাৰীৰ বাসিন্দা ছলেমান আলী নামৰ ব্যক্তিগৰাকীৰ পত্নী তথা দুই কন্যা সন্তানৰ মাতৃ চায়না খাতুনে সোমবাৰে কন্যাৰ নথি-পত্ৰ বিদ্যালয়ত জমা দিবলৈ গৈ ঘূৰি নগ’ল নিজ ঘৰলৈ।

স্বামীয়ে নিজৰ কৰ্ম কৰি ঘৰলৈ আহি পত্নীক নেদেখি হতাশাগ্রস্ত হৈ পৰে আৰু লগে লগে চাৰিওফালে বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু বহু খা-খবৰ লোৱাৰ পিছত কোনো সুংসূত্ৰ নাপাই কাষ চাপিলে আৰক্ষী আৰু সংবাদমাধ্যমৰ। কোনো সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীক দেখা পালে নিকটৱৰ্তী আৰক্ষী থানা নহ’লে 7577868338 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় স্বামীয়ে।

Related Articles