দাড়ি বঢ়াবলৈ গৈ বিপদ বাঢ়িল কলিয়াবৰৰ অজয়

অনলাইন শ্ব’পিং কৰোঁতে সাৱধান নহ’লে উদং হ’ব আপোনাৰ সাঁচতীয়া ধন

ফেচবুকত অহা বিজ্ঞাপনত ভোল গৈ অনলাইন যোগে সামগ্ৰী ক্ৰয় কৰি এতিয়া বিপদত পৰিছে কলিয়াবৰৰ এজন যুৱক। বিজ্ঞাপনত দেখুওৱা মূল্যও বেলেগ আনহাতে গ্ৰাহকৰ ওচৰ পাওঁতে সামগ্ৰীৰ মূল্য হৈছে আকাশলঙ্ঘী। অনলাইনৰ পৰা দাড়িত সনা তেল ক্ৰয় কৰি এতিয়া মূৰৰ কামোৰণি হৈছে শিলঘাটৰ অজয় মণ্ডলৰ।
ফেচবুকত বিজ্ঞাপন দেখি তেল অৰ্ডাৰ দিছিল অজয়ে।কিন্তু কিছুসময় পাছতে বিজ্ঞাপনটো ৰিম’ভ হয়।

প্ৰায় এমাহৰ পাছত সামগ্ৰী আহি পালে অজয়ৰ ঘৰ। কিন্তু ৬৯০ টকাৰ মূল্যৰ তেল হ’লগৈ ৩ হাজাৰৰো অধিক। বিপদত পৰি এতিয়া শিলঘাট আৰক্ষীৰ কাষ চাপিছে অজয় মণ্ডল। ভূৱা প্ৰতিষ্ঠান বুলি জ্ঞাত হোৱাৰ পাছতে অজয়ে বিজ্ঞাপনটোৰ ৰিভিও চাই হতবাক হৈ পৰিছে¸ কিয়নো অধিকাংশ গ্ৰাহকৰ লগতেই ভুৱা প্ৰতিষ্ঠানটোৱে ঠগবাজী কৰি সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ দিছে। প্ৰতিষ্ঠানটো বিজ্ঞাপনত থকা গ্ৰাহক সেৱাৰ ফোন নম্বৰলৈ ফোন কৰিও আৱাসত হয় অজয়। অজয়ে ফোনত যিজন ব্যক্তিৰ লগত কথা পাতিছিল, তেওঁ সেই প্ৰতিষ্ঠানটোৰ এনেধৰণৰ থগবিজীত অতিষ্ঠ সেই প্ৰতিষ্ঠানটো এৰি আহিছে বুলি কোৱাৰ লগতে অজয়ক প্ৰতিষ্ঠিতটোৰ বিৰুদ্ধে পুলিচৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে। ব্যক্তিজনৰে হোৱা বাৰ্তালাপৰ বিষয়ে অজয় মণ্ডলে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

Related Articles