আজি বুদ্ধ পূর্ণিমা, আজিৰ দিনটোত নকৰিব এই সমূহ কাম…

আজি বুদ্ধ পূর্ণিমা। হিন্দু বিশ্বাস অনুসৰি বুদ্ধ হৈছে বিষ্ণুৰ নৱম অৱতাৰ। বিশ্বৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ পবিত্র দিন হিচাপে পালন কৰা হয়।

আজিৰ দিনটোত নকৰিব এই সমূহ কাম-

বৌদ্ধ পুৰ্ণিমাৰ দিনা সুৰাপান নকৰিব। আনহাতে আজিৰ দিনটোত মাছ, মাংসও খাব নালাগে৷

বৌদ্ধ পূৰ্ণিমাৰ দিনা ক’লা বস্তু দান কৰাটো উচিত নহয়৷ কাৰণ এই দিনটোত ক’লা বস্তু দান কৰিলে ৰাহুৰ কু-প্ৰভাৱ বৃদ্ধি পায়৷

বৌদ্ধ পূৰ্ণিমাৰ দিনটোত ক’লা-বগা দুই ৰঙৰ কাপোৰ পিন্ধিব নালাগে৷ এই দিনটোত এই দুই ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি গণ্য কৰা হয়৷

আজিৰ দিনটোত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক কোনো ধৰণৰ অপব্যৱহাৰ বা অপমান কৰিব নালাগে৷

Related Articles