Breaking

ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম আছে! ব্ৰেকফাষ্ট খোৱাৰ নিয়ম জানি লওক…

0 39

ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম আছে। সেইবোৰ মানি চলিলে অলপ হ’লেও ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। সাৰ পোৱাৰ লগে লগে মানুহৰ এটা চিন্তাই। শিশুৰ টিফিনত কি দিব, ব্ৰেকফাষ্টত কি খাব। তেনেকৈয়ে আৰম্ভ হয় দিনটো।

ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম মানি চলকঃ

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্ট স্বাস্থ্যৰ বাবে উপকাৰী। গতিকে সদায় ব্ৰেকফাষ্টত অধিক প্ৰটিন থকা খাদ্য খাবলৈ চেষ্টা কৰক। বিশেষকৈ যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ ৰাতিপুৱাৰ আৰম্ভণিতে প্ৰটিন সমৃদ্ধ খাদ্যৰ পৰা আৰম্ভ কৰিব লাগে।

বহুতে ৰাতিপুৱা বেছিকৈ খাবলৈ মন নকৰে। কিন্তু অভ্যাস সলনি কৰাটো গুৰুত্বপূৰ্ণ। ৰাতিপুৱা খালে শৰীৰে পুষ্টিকৰ উপাদান লাভ কৰে। গোটেই দিনটো শৰীৰ ভালে থাকে।

যিমানেই ব্যস্ত নহওক কিয়, ব্ৰেকফাষ্ট এৰি নিদিব। বহুতে ওজন কমাবলৈ ব্ৰেকফাষ্ট এৰি দিয়ে। ই অধিক ক্ষতি কৰে। এনে অভ্যাস থাকিলে গেছ-হাৰ্টবাৰ্ণৰ সমস্যাও হ’ব পাৰে।

Leave A Reply

Your email address will not be published.