Breaking

আপুনি পানী খাই আছেনে? গৰমত শৰীৰত পানীৰ অভাৱ হ’লে এই ৫টা লক্ষণে দেখা দিব…

0 52

সকলোৱে জানে যে গ্ৰীষ্মকালত ঘাম বেছি হয়। ফলত শৰীৰৰ পৰা বহু পানী ওলাই। যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে তেন্তে শৰীৰ পানীৰ অভাৱত ভুগে। শৰীৰৰ ভিতৰত কি হৈ আছে বাহিৰৰ পৰা দেখা নাযায় এই সমস্যা। কিন্তু শৰীৰত পানীৰ পৰিমাণ কমি গ’লে বহু লক্ষণৰ দ্বাৰা জানিব পৰা যায়। জানো আহক এই সমূহৰ বিষয়ে…

খোজ কাঢ়িবলৈ বা দৌৰিবলৈ গ’লে বা ওপৰলৈ যোৱাৰ সময়ত আপুনি ভাগৰুৱা অনুভৱ কৰেনে? যদি তেনেকুৱা হয় তেন্তে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।

দীৰ্ঘদিন ধৰি শৰীৰত পানীৰ অভাৱ হ’লে যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যকৃতে পানীৰ সহায়ত গ্লাইক’জেন উৎপন্ন কৰে, যিয়ে শক্তি প্ৰদান কৰে। কিন্তু যদি যকৃতে সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰক অধিক খাদ্যৰ প্ৰয়োজন হ’ব। সেয়েহে নিমখীয়া খাদ্য, চকলেট আৰু মিঠাই খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।

গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ দূৰ কৰিবলৈ দৈনন্দিন খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰক।

মূৰৰ বিষৰ সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। তাৰ ভিতৰত এটা কাৰণ হ’ল পানীৰ অভাৱ। শৰীৰত পানীৰ পৰিমাণ কমি গ’লেই মাইগ্ৰেইনৰ বিষ আৰম্ভ হয়। গতিকে সকলো সময়তে মূৰৰ বিষ থাকিলে অধিক পানী খাব লাগে।

গ্ৰীষ্মকালত ছালখন শুকান হৈ থাকে। যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে এই সমস্যা বহুত বাঢ়ে। ছালখন অত্যন্ত শুকান হৈ পৰে। ওঁঠ ফাটিবলৈ ধৰিলে। আপোনাৰ ছালত যদি খজুৱতি হয় তেতিয়া অধিক পানী খোৱাটো প্ৰয়োজ।

যদি হঠাৎ প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়, তেতিয়াহে বুজিব যে শৰীৰত পানীৰ অভাৱ হৈছে। ইয়াৰ বাহিৰেও শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱৰ পৰিমাণ কমি যায় আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ হয়।

Leave A Reply

Your email address will not be published.