Breaking

নগাঁও লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী সাহিত্যিক, অৱসৰপ্রাপ্ত কৃতী শিক্ষয়িত্ৰী বীণা শৰ্মালৈ মৰণোত্তৰভাবে “গল্প সৌৰভ” উপাধি প্ৰদান…

0 79

২০০২ চনত গঠিত ‘লেখিকা সংস্থা অসম’ৰ নগাঁও শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, সাহিত্যিক, অৱসৰপ্রাপ্ত ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটা প্ৰাপক বীণা শৰ্মালৈ দেওবাৰে মৰণোত্তৰভাবে “গল্প সৌৰভ” উপাধি প্ৰদান কৰা হয়। নগাঁও লেখিকা সংস্থাৰ দ্বাৰা নগাঁও প্ৰেছ ক্লাৱত এই উপলক্ষে আয়োজিত উপাধি প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও লেখিকা সংস্থাৰ সভানেত্ৰী গুণদা গোস্বামীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত বীণা শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে নগাঁও লেখিকা সংস্থাৰ উপদেষ্টা উপমা মজুমদাৰে। শিল্পী কুসুম বৰুৱাই এটি বৰগীত পৰিবেশনেৰে মূল অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতে আদৰণি অনুষ্ঠানৰ আঁত ধৰে গীতা ভৰালী আৰু উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদিকা বন্তি চেতিয়াই। লেখিকা-শিল্পী ক্ৰমে স্বপ্না নিয়োগী, মামণি ভট্টাচার্য, কুমকুম বৰুৱাৰ দ্বাৰা পৰিবেশিত গীত পৰিবেশনেৰে উজ্জীৱিত এই সভাত প্ৰয়াত বীণা শৰ্মালৈ ‘গল্প সৌৰভ’ উপাধি

আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্রাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই আৰু গ্ৰহণ কৰে বীণা শৰ্মাৰ স্বামী তথা অৱসৰপ্রাপ্ত উপ-পঞ্জীয়ক (ৰাজহ বিভাগ), অধিবক্তা শৰৎ শৰ্মাই। সভাত ভাষণ প্ৰদান কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে কোনো এখন দেশৰ মানদণ্ড দেশখনৰ মাটিকালি বা জনসংখ্যাৰে জোখা নহয়, জোখা হয় সেই দেশৰ গুণগত মানদণ্ডৰে। একেদৰে পৰিয়াল একোটাৰ মূল গৃহিণী গৰাকীৰ ওপৰতহে পৰিয়ালটোৰ মানদণ্ড, সংস্কাৰ নিৰ্ভৰ কৰে।প্ৰয়াত বীণা শৰ্মা আছিল বহু গুণৰ অধিকাৰী, এগৰাকী আদৰ্শ মহিলা আৰু তেওঁ পৰিয়ালটোক সকলো দিশতে আগবঢ়াই নিয়াত সফল হৈছিল। সভাত বঁটা গ্ৰহণ কৰি দিয়া চমু ভাষণত প্ৰয়াত বীণা শৰ্মাৰ স্বামী শৰৎ শৰ্মাই কয় যে এনে এক সন্মান গ্ৰহণ কৰিবলৈ পাই যেনেদৰে সুখী হৈছে, ইয়াৰ বিপৰীতে দুখবোধে আবেগিক কৰি তুলিছে। সভাত নগাঁও লেখিকা সংস্থাৰ উপদেষ্টা, বিশিষ্ট লেখিকা আৰতি শৰ্মাই ভাষণ প্ৰদান কৰি লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, নগাঁৱৰ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী বীণা শৰ্মাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। উপন্যাস ক্ৰমে ‘দৈয়াং আজিও বয়’, ‘ৰূপহী নদীৰ ঘাট’, ‘দূৰণিত বাঁহীৰ সুৰ’, শিশু সাহিত্য ক্ৰমে ‘ডুগডুগী আৰু জিপুৰ কথা’, ‘পলাশৰ জীৱনৰ ৰং’ আদিকে ধৰি ৪০ খনৰো অধিক গ্ৰন্থৰ ৰচয়িতা বীণা শৰ্মাৰ সৈতে তেওঁৰ বহু স্মৃতি বিজড়িত হৈ আছে বুলি ভাষণ প্ৰসংগত ব্যক্ত কৰে।

সাহিত্যানুৰাগী ক্ৰমে তিলোত্তমা কোঁৱৰ, মিনা বৰা, ডঃ ৰ’জলীন জাহান, অনিতা গগৈ, মঞ্জুলা লস্কৰ, লীনা সন্দিকৈ, গীতা মহন্ত শইকীয়া, পূৰবী চক্ৰৱৰ্তী সূত, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, চিত্ৰলেখা গগৈ, পোনা গোস্বামী, অৰুণিমা হাজৰিকা, কিৰণ ভূঞা, হেমপ্ৰভা বৰা শইকীয়া, তুলু হাজৰিকা, পুষ্পাঞ্জলি শইকীয়া, উজ্জ্বল জ্যোতি দাস, দেবেন শইকীয়া প্ৰমুখ্যে সমাজৰ বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সমজুৱাৰ একাষাৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যই ভাষণ প্ৰসংগত তেওঁৰ শাহু মা প্ৰয়াত বীণা শৰ্মাৰ স্মৃতি ৰোমন্থন কৰি শাহু মাকৰ অনুপ্ৰেৰণাতে এখন বিশেষ গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত হোৱা বুলি প্ৰকাশ কৰে, যি খন বৰ্তমান কেইবাখনো দেশৰ স্কুলীয়া পাঠ্যক্রমত ব্যৱহাৰ হৈ আছে বুলি মন্তব্য কৰে। সভাত গীতা শইকীয়া, ৰূপা শইকীয়া, লিলি বৰা, ৰঞ্জনা দেৱী, কবিতা গোস্বামী, শ্যামলীমা শৰ্মাইও বক্তব্য আগবঢ়ায়। শেষত সভাপতিৰ ভাষণত ‘আই পদ্মপ্ৰিয়া বঁটা’ প্ৰাপক গুণদা গোস্বামীয়ে প্ৰয়াত বীণা শৰ্মাৰ সম্পৰ্কত বিভিন্নজনে আগবঢ়োৱা বক্তব্যৰ পৰা বহু দিশ উন্মোচিত হোৱা বুলি উল্লেখ কৰাৰ লগতে বীণা শৰ্মা সম্পৰ্কত লিখা ‘গল্প সুৰভি’ শীৰ্ষক এটি স্ব-ৰচিত কবিতা পাঠ কৰি শুনায়।

Leave A Reply

Your email address will not be published.