Breaking

সকাহ পাব, বৰষুণ আহিবঃ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাজা আৰু মিনাক্ষীৰ বিয়া…

0 24

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ দেওবাৰে দিনৰ ১১ বজাত বেলশিৰি চাহ বাগিছাত অনুষ্ঠিত হ’ল ভেকুলীৰ বিয়া৷ উল্লেখ্য যে পানীৰ অভাৱত এতিয়া মৰহি গৈছে বেলশিৰি বাগিছাৰ চাহ গছ সমূহ৷ আনকি বৰষুণৰ অভাৱত কৃষকে পথাৰত সিচিব নোৱাৰিলে কঠীয়া৷ সেয়েহে পানীৰ বাবে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলশিৰি চাহ বাগিছাত আজি অনুষ্ঠিত হ’ল ৰাজা আৰু মিনাক্ষীৰ বহু প্ৰত্যাশিত বিয়া৷ ৰাজা আৰু মিনাক্ষীৰ বিয়াক লৈ বেলশিৰি চাহ বাগিছাত আজি পুৱাৰে পৰা এক ওখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে।এই বহু প্ৰত্যাশিত বিয়াৰ ৰাজা( দৰা) আৰু মিনাক্ষী (কন্যা)। ৰাজা বেলশিৰি চাহ বাগিছাৰ অফিচ লাইনৰ আৰু মিনাক্ষী বেলশিৰি চাহ বাগিছাৰ খেৰ লাইনৰ৷


দৰা কন্যা উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত সম্পুৰ্ন হিন্দু ধৰ্মৰ নিয়ম-নীতি আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণ, মাল্যাৰ্পন, কন্যাদান, সেন্দুৰ, হোম যজ্ঞৰে অগণন লোকৰ  উপস্থিতিত আজি এই বহু প্ৰত্যাশিত বিয়াখন সম্পন্ন হ’ল৷ উক্ত বিবাহ অনুষ্ঠানত বেলশিৰি চাহ বাগিছাৰ মুখ্য পৰিচালক লক্ষী মাঝিসহ পৰিচালক অৰুণ বৰা,অসীম ভট্টাচাৰ্যী,লক্ষ্মণ শ্বাহ,কণকণ বৰুৱা, কৈলাশ কুমাৰ, চিডি দৈমাৰী, মনোজ লাহন, বিৰাজ ঘোচাল, অজয় ৰজকৰ লগতে অজস্ৰ লোক উপস্থিত থাকে৷হিন্দু ধৰ্মৰ প্ৰতিটো ৰীতি-নীতিৰ মাধ্যমেৰে পুৰোহিত বাপধন চক্ৰবৰ্তীৰ লগতে বিপুল শৰ্মাই বিবাহ অনুষ্ঠান সম্পন্ন কৰে৷ ৰিমঝিম শইকীয়া আৰু মিনতি ৰাভায় বিয়ানাম গাই আজি বিবাহ অনুষ্ঠানটি জীপাল কৰি তোলে৷ উল্লেখযোগ্য যে এই বছৰ তীব্ৰ খৰাংৰ ফলত বেলশিৰি চাহ বাগিছাৰ কেচা চাহ পাতসমূহ শুকাই যোৱাৰ লগতে কৃষক সকলে খেতি পথাৰত বৰষুণৰ অভাৱত কঠিয়া সিচিব পৰা নাই৷ সেয়েহে ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিব বুলি জনবিশ্বাস আছে, সেই বিশ্বাসক সৰোগত কৰি বেলশিৰি চাহ বাগিছাত চাহ বাগিছাৰ শ্ৰমিক, মুখ্য পৰিচালক কৰ্মচাৰী, স্থানীয় ৰাইজৰ সহযোগত ভেকুলীৰ বিবাহ সম্পন্ন কৰে৷

Leave A Reply

Your email address will not be published.