ধুবুৰী জিলাৰ চাপৰৰ চৰুৱাবাখৰা গাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড…

চাপৰৰ চৰুৱাবাখৰা গাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড । নিজ পত্নী থকাৰ পিছতো বেলেগৰ পত্নীৰ লগত প্ৰেমত মচগুল প্ৰেমিক বাদশা মণ্ডল ওৰফে ভাশা । পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে নিজ স্বামীক ব্লেডেৰে হত্যা কৰাৰ অভিযোগ । কথমপি প্ৰাণ ৰক্ষা পৰে স্বামী সমেশ আলীৰ । ধুবুৰী জিলা চাপৰ থানাৰ অন্তৰ্গত চৰুৱাবাখৰা গাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । স্বামীক হত্যা কৰিবলৈ পত্নীৰ নাটকীয় ষড়যন্ত্ৰৰ অভিযোগ । চৰুৱাবাখৰাত চলি থকা বানিজ্য মেলাত কৌশলৰে স্বামীক মাতি নি অবৈধ প্ৰেমীকৰ সৈতে হত্যাৰ ব্লু-প্ৰিন্ট ৰচিচিল পত্নী আনিছা খাতুনে ।

গাঁও খনৰ বাসিন্দা সমেশ আলীয়ে বছৰমান পুৰ্বে বিয়া পাতিছিল আনিছা খাতুনৰ সৈতে । সেহতীয়াকৈ একেখন গাঁৱৰে বাদশাহ মণ্ডল ওৰফে ভাশা নামৰ যুৱক জনৰ সৈতে বোৱাৰী গৰাকীৰ সৈতে মত্ত হয় পৰকীয়া প্ৰেমত । বাদশাহ মণ্ডল ওৰফে ভাশা নামৰ যুৱকৰ সৈতে মিলি আনিছা খাতুনে চৰুৱাবাখৰাত চলি থকা মেলাত অবৈধ প্ৰেমীক জনৰ সৈতে মিলি স্বামী সমেশ আলীক মাতি নি সুযোগ বুজি হত্যাৰ চেষ্ঠা চলোৱাৰ অভিযোগ ।

ব্লেডেৰে স্বামীৰ ডিঙিত ৰেপী দিয়ে যদিও দৈৱক্ৰমে ৰক্ষা পৰে সমেশ আলীয়ে । সমেশ আলী বৰ্তমান চাপৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীয়ে প্ৰেমিক বাদশাহ মণ্ডল আৰু বোৱাৰী গৰাকীক আটক কৰিছে । আনিছা খাতুনৰ এনে নিকৃষ্ট কৰ্ম কাণ্ডক স্থানীয় বিভিন্ন মহলে গৰিহনা জনাইছে লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।

Related Articles