শিৱসাগৰত সদৌ অসম ভিত্তত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাৰ সামৰণি, আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত লোক সংস্কৃতিৰ সাধক মুনিন বৰা…

শিৱসাগৰ সুৰুয মুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত শৈৱ নাৰী শক্তি অসম, জয়া দলং মহিলা সমাজ, ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত শিৱসাগৰ নগৰস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে ২৫ আৰু ২৬মে’ত আয়োজন কৰা দিহানাম প্ৰতিযোগীতা আৰু আলোচনা চক্ৰৰ আজি সামৰণি পৰে। দিহানাম প্ৰতিযোগীতাত মণিকাঞ্চন দিহানাম দল গৌৰীসাগৰে প্ৰথম স্থান, নৱৰূপা দিহানাম দল গুৱাহাটীয়ে দ্বিতীয় স্থান, ভক্তি প্ৰাণ  দিহানাম দল লক্ষীমপুৰে তৃতীয় স্থান লাভ কৰে।

আজি দিহানামৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনিৰ উদ্ধোধন কৰে কৃষ্ণ সূৰ্য নাম সমাজৰ সম্পাদক দিলীপ চাংমাইয়ে, সঞ্চালক হিচাপে উপস্থিত থাকে শিৱসাগৰৰ বীৰ লাচিত কলেজৰ অধ্যাপক শান্তনু বুঢ়াগোহাঁই, আলোচক হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰাঞ্জল প্ৰতীম বৰা, অধ্যাপক জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়, মৌচুমী মহন্ত গোস্বামী, কৰ্মচাৰী অসম মহিলা বিশ্ববিদ্যালয়, অজয় বৰুৱা, সভাপতি শিৱসাগৰ জিলা দিহানাম সংৰক্ষন সমিতি।

Related Articles