Breaking

বিশ্বনাথৰ পিটাৰ পৌলছ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা শোচনীয়ঃ এটা সৰু কোঠালিতে চলিছে ছাত্ৰ-ছাত্ৰীৰ পাঠদান…

0 27

বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনস্থ অসম অৰুণাচল সীমান্তৱৰ্তীৰ দিৰিং চাহ বাগিচাৰ ৪ নং লাইনত অৱস্থিত ২০১৩ চনতে চৰকাৰী কৰণ হোৱা পিটাৰ পৌলছ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা একেবাৰে পয়ালগা। এখন সৰু কোঠাতে চলিছে “ক” মান শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী লৈকে পাঠদান। মাত্ৰ ১০/২০ ফুটৰ এখন সৰু কোঠাতে চলাই গৈছে শিক্ষা দান। কোঠাটো ৰাইজৰ বাবে অহা কমিউনিটি কক্ষ আছিল যদিও ৰাইজে শিক্ষাৰ ক্ষেত্ৰত দান কৰিছিল। য’ত ৬২ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ২ জন শিক্ষকে পাঠদান কৰি আছে৷ দীৰ্ঘদিন ধৰি বিদ্যালয় খনত নাই বিদ্যালয় গৃহৰ সুবিধা৷ উপায়বিহীন হৈ শিক্ষকে এই উৎকট গৰমত বাৰাণ্ডাতে পাঠদান কৰাব লগীয়া হৈছে ছাত্ৰ ছাত্ৰীক। বিয়াগোম শিক্ষা বিভাগে বিভিন্ন সময়ত ঢোলঢাক বজাই শিক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নতি হোৱা বুলি জহাই ফুৰা চৰকাৰ খনে আজি পৰ্যন্ত নিৰ্মাণ কৰি দিব পৰা নাই বিদ্যালয় গৃহ।

ৰাইজে বিভিন্ন সময়ত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি অহা সমান্তৰালকৈ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপদেষ্টা মঃআজমত শ্বেখেও একাধিকবাৰ বিভাগীয় বিষয়াক বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰাই যদিও গা লৰা নাই শিক্ষা বিভাগৰ৷ সেয়েহে অতি শীঘ্ৰে উক্ত বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে দাবী জনাই আছুৰ উপদেষ্টা গৰাকীৰ লগতে স্থানীয় ৰাইজ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিয়ে আছুৰ নেতাগৰাকীয়ে৷

Leave A Reply

Your email address will not be published.