সীমান্তৰ সিপাৰৰ পৰা জেহাদীসকলে এছ পি, কংগ্ৰেছক সমৰ্থন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী…

একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকালৰ লক্ষ্য আগত ৰখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটে পাকিস্তান আৰু জেহাদীৰ পৰা সমৰ্থন লাভ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ বাংসগাঁও ৰেলীত ভাষণ দি মোদীয়ে কয় যে ইয়াত “ভোট জেহাদ”ৰ বাবে আবেদন জনোৱা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ বাবে পাকিস্তানত প্ৰাৰ্থনা কৰা হৈছে। মোদীয়ে কয় “পাকিস্তানত এছ পি আৰু কংগ্ৰেছৰ ইণ্ডিয়া মিত্ৰজোঁটৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰা হৈছে। সীমান্তৰ সিপাৰৰ পৰা জেহাদীয়ে তেওঁলোকক সমৰ্থন কৰিছে। এছ পি আৰু কংগ্ৰেছে ‘ভোট-জিহাদ’ৰ বাবে আবেদন জনাইছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৪ জুনত ভাৰতৰ ভৱিষ্যত নিৰ্ণয় হ‘ব আৰু সেইদিনা ভাৰতৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দৌৰো আৰম্ভ হ’ব।মোদীয়ে কয় “৪ জুন, ২০২৪ তাৰিখে ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰিব। দেশে ডেউকা মেলি ৪ জুনত ‘অমৃত কাল’ৰ সংকল্পৰ দিশে নতুন উৰণ আৰম্ভ কৰিব, এখন উন্নত ভাৰত গঢ়ি তোলাৰ বাবে এই উৰণ, ১৪০ কোটি ভাৰতীয়ই সপোন পূৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৪ জুনলৈ” মোদীয়ে লগতে কয় যে মুদ্ৰা আঁচনিৰ পৰা বহু যুৱকে সুবিধা লাভ কৰিছে৷ মোদীয়ে কয়” ৩ কোটি দৰিদ্ৰ যিয়ে পকা ঘৰ পাব, ৭০ বছৰৰ ওপৰৰ বৃদ্ধ বয়সৰ যিয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব, কোটি কো্যি যুৱক যিয়ে মুদ্ৰা আঁচনিৰ পৰা লাভৱান হ’ব।”

Related Articles