জানাজাৰ চাৰিদিনৰ পিছত পুণৰ সোঁশৰীৰে ঘৰত উপস্থিত হ’ল ওমৰ আলী



দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰি চৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মৃত্যুৰ পাছত এজন যুৱকক জানাজা দিয়াৰ চাৰিদিনৰ পিছত পুণৰ যুৱকজন সোঁশৰীৰে নিজৰ ঘৰত উপস্থিত হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। যুৱক জনক জীৱিত অৱস্থাত দেখি হতবাক হৈ পৰে ৰাইজ। এই ঘটনা সংঘটিত হৈছে মঙলদৈ নগৰৰ পৰা কিছু নিলগত থকা ব্ৰহ্মপুত্ৰৰ মিছামাৰী চৰত। ঘটনাৰ বিৱৰণী অনুসৰি কেইদিনমান পূৰ্বে মিচামাৰি চৰৰ ওমৰ আলী নামৰ যুৱক এজন কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। কামৰ সন্ধানত ওলাই যোৱা ওমৰে কথাটো পৰিয়ালৰ কোনো এজন ব্যক্তিকে জনোৱা নাছিল । ইপিনে চাৰিদিন ধৰি ওমৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে আৰু পৰিয়ালৰ লোকে ওমৰক সম্ভাব্য স্থানত বিচাৰ খোচাৰ কৰে যদিও ওমৰৰ সন্ধান পোৱা নাছিল। অৱশেষত ওমৰ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে মঙলদৈ সদৰ থানাত এজাহাৰো দিছিল। এনে পৰিস্থিতিৰ মাজতেই মিছামাৰি চৰৰ ওচৰৰে গাধোৱা চাপৰিত ৰাইজে উদ্ধাৰ কৰে এটি উৱলি যোৱা মৃতদেহ ।

এই খবৰ পাই মৃতদেহ উদ্ধাৰৰ উক্ত স্থানত উপস্থিত হয় ওমৰৰ পৰিয়াল আৰু গাঁৱৰ লোক। উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি সেইটো ওমৰৰে মৃতদেহ বুলি পৰিয়ালৰ লোকে সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে। মঙলদৈৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ওমৰৰে হয় বুলি যাবতীয় কাম সমূহ কৰি পৰিয়ালক গতাই দিয়ে। পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ ধৰ্মীয় নিয়মৰ মাজেৰে ৰাইজৰ সহযোগত জানাজা সম্পন্ন কৰে। ইমানলৈকে ঘটনা থিকেই আছিল আৰু আচৰিত হবলগীয়া একো নাছিল যদিও পৰৱৰ্তীকালত পৰিস্থিতিয়ে অন্য মোৰ লয়। জানাজা সম্পন্ন হোৱাৰ চাৰিদিন পিছত সোঁশৰীৰে যেতিয়া ওমৰ নিজ গৃহত উপস্থিত হয় তেতিয়া ওমৰক দেখি ৰাইজৰ মাজত হুৱা দুৱা লগাতো স্বাভাৱিক। জানাজা কৰাৰ পাছত কেনেকৈ এজন লোক জী উঠিব পাৰে এই লৈ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হল । ওমৰে ঘৰত কাকো নজনোৱাকৈ কামৰ সন্ধানত ঘৰৰ পৰা বাহিৰত থকা সময়তে হঠাতেই ওমৰৰ সম্পৰ্কীয় আৰু জানাজাৰ সময়ত উপস্থিত থকা কেইজনমান লোকে ওমৰক ওচৰৰে এখন বজাৰত দেখা পাই হতভম্ব হৈ পৰে । লগে লগেই লোক কেইজনে ওমৰক সোধপোচ কৰে আৰু নিজৰ ঘৰলৈ লৈ আহে। ইফালে ওমৰে সোঁশৰীৰে নিজ গৃহত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকো হতবাক হৈ পৰে ।ওমৰক দেখি স্থানীয় ৰাইজে ভাৱিবলৈ বাধ্য হৈছে যে প্ৰকৃততে চাৰিদিন পূৰ্বে জানাজা কৰা লোকজন নিশ্চয় ওমৰ নাছিল। তেন্তে জানাজা কৰা লোকজন কোন আছিল সেই লৈ ৰাইজ বিমোৰত পৰে। গা ধোৱা চাপৰিত চাৰিদিন পূৰ্বে উদ্ধাৰ হোৱা মৃতদেহটো কাৰ আছিল বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। আচলতে ঘটনাৰ ৰহস্য কি ৰাইজে একো উৱাদিহ পোৱা নাই। ওমৰ বুলি জানাজা কৰা সেই লোকজনৰ সম্ভেদ আজিও লাভ কৰা নাই ৰাইজে। উল্লেখ্য, এই ঘটনাক লৈ তিলমাত্ৰও চিন্তিত হোৱা দেখা নগল ওমৰক। পৰিয়ালসূত্ৰে জানিব পৰা মতে ওমৰৰ দুটি কণমানি সন্তানো আছে। সাংবাদিকৰ আগত হাস্য বদনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি যায় ওমৰে। এই ক্ষেত্ৰত জানাজা কৰা লোকজনৰ শীঘ্ৰে পৰিচয় উদ্ধাৰ কৰিবলৈ মঙলদৈৰ আৰক্ষীৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছে সংশ্লিষ্ট এলেকাৰ ৰাইজে।

Related Articles