সংহাৰী ৰেমালঃ মিজোৰামত বৰষুণৰ মাজতে শিলৰ কুৱেৰীত ১৫ শ্ৰমিক নিহত…

ৰেমালে কিমানৰ প্ৰাণ কাঢ়িলে তাৰ সঠিক হিচাব এতিয়াও ওলোৱা নাই। বিধ্বংসী ধুমুহা-বৰষুণৰ সময়তে মিজোৰামৰ আইজলত এটা শিলৰ কুৱেৰী ভাঙি পৰাত ১৫ জন শ্ৰমিকৰ মৃত্যু হয় আৰু কেইবাজনো নিৰুদ্দেশ হয়। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু হ্লিমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।আৰক্ষী গৰাকী বিষয়াই জনোৱা মতে, কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে।

Related Articles