Breaking

৭৫ বছৰত নাপালে এখন দলং। উন্নয়ণৰ নামত তিনি বিধায়কে দিলে কেৱল প্ৰতিশ্ৰুতি।

0 60

ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ণ খণ্ডৰ অন্তৰ্গত লক্ষীমাৰী দ্বিতীয় খণ্ড গাঁৱত নাই কোনো ধৰণৰ যাতায়তৰ সুবিধা নাই এখন দলং । এখন দলং বিচাৰি হাবাথুৰি খাব লগা হৈছে গাঁৱখনৰ ৰাইজৰ । নিৰ্বাচনৰ সময়ত জন প্ৰতিনিধিয়ে ভোট ভিক্ষা খুজি প্ৰতিশ্ৰুতি দিয়ে যদিওঁ নিৰ্বাচনৰ পিছত জনসাধাৰণে বিচাৰি নাপায় জন প্ৰতিনিধিক । এইখন অসমৰে গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষীমাৰি ২য় খণ্ড গাঁৱৰ দৃশ্যই দাঙি ধৰিছে অসম চৰকাৰৰ ফোঁপোলা স্বৰূপ উন্নয়ন। দেশ স্বাধীন হোৱাৰ পৰাই স্থানীয় ৰাইজে বহু জন প্ৰতিনিধি তথা চৰকাৰৰ পৰা এখন দলং বিচাৰি আছিল যদিওঁ আজিলৈ কোনো এজন জন প্ৰতিনিধিয়ে নকৰিলে দলং নিৰ্মাণৰ কাম।

প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, অশ্বনী ৰায় সৰকাৰ আৰু বৰ্তমানৰ বিধায়ক আব্দুছ ছোবাহান সৰকাৰে ভোটৰ সময়ত ভোট ভিক্ষা খুজিবলৈ যায় আৰু বিধায়ক হোৱাৰ পিছত দেখা নিদিলে গাঁৱখনৰ ৰাইজক। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গাঁৱখনৰ ৰাইজে যাতায়ৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হব লগা হৈছে । ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হব লগা হৈছে। আনহাতে বাৰিষা আহিলে স্কুল কলেজ যোৱাৰ বাবে এক প্ৰকাৰৰ বাধা হিচাপে থিয় দিছে এইখন দলঙে । জৰুৰী সেৱা ১০৮ যাব নোৱাৰে গাঁওখনলৈ ফলত ৰোগী সকলক কান্ধত তুলি পাৰ কৰিব লগা হয়। ঊল্লেখযোগ্য যে যোৱা তিনি (৩) বছৰে গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান সৰকাৰক বহু দাবী জনাই আহিছে যদিওঁ কোনো ধৰণৰ গুৰুত্ত নিদিয়াৰ অভিযোগ বিধায়ক গৰাকী বিৰুদ্ধে। উপায়ন্তৰ হৈ অসম চৰকাৰলৈ এতিয়া দলং নিৰ্মাণ কৰিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.