অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায়…

অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায়। নিতৌ ন ন কৌশল অৱলম্বন কৰি এটা চক্ৰই সৰবৰাহ কৰিছে চোৰাং গৰু ।গোলকগঞ্জৰ হালাকুৰাত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ। পুৱতি নিশা হালাকুৰা আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুপ জ্যোতি

ৰায়ৰ নেতৃত্বত চলা অভিযানত জব্দ কৰে ট্ৰাক ভৰ্তি গৰু । ৪৩ টাকৈ চোৰাং গৰু সহ ৫ জন সৰবৰাহকাৰীক আটক হালাকুৰা আৰক্ষী। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা বৰপেটা অভিমুখে আছিল গৰু ভৰ্তি ট্ৰাক খন।

জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS 28 AC 1494 । হালাকুৰা আৰক্ষীয়ে ৫ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি সোধ পোচ অব্যাহত ৰাখিছে।

Related Articles