EXIT POLL কেতিয়াও EXACT POLL হ’ব নোৱাৰেঃ ভূপেন বৰা…

আজি শিৱসাগৰৰ নাজিৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল সম্বোধন।বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ শিমলুগুৰিস্থিত বাসগৃহত দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাই সম্বোধন কৰে সংবাদমেল। EXIT POLL সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় মই EXIT POLL বিশ্বাস নকৰোঁ, অলপ অপেক্ষা কৰিলে প্ৰকৃত ফলাফল পাম।এইদৰে কয় দেৱব্ৰত শইকীয়াই। নিৱনুৱা সমস্যা তথা মূল্যবৃদ্ধিৰ বিপক্ষে ৰাইজে ভোটদান কৰিছে।GST, খাজানা বৃদ্ধি আৰু টোলগেট বৃদ্ধিয়ে ৰাইজক প্ৰভাৱিত কৰিছে।কংগ্ৰেছ দলৰ কৰ্মীসকলক ধৈৰ্য্য ধৰি ফলাফললৈ অপেক্ষা কৰিবলৈ আহ্বান। বিজেপিয়ে কৰ্মচাৰীক প্ৰেচাৰত ৰখাৰ চেষ্টা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি ভুপেন বৰাই মন্তব্য কৰে।

লগতে EXIT POLL কেতিয়াও EXACT POLL হব নোৱাৰে বুলি ভূপেন বৰাই।বিজেপিয়ে যোৰহাটৰ ফলাফল সলনিৰ চেষ্টা কৰিছে, তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ মতে ভোটৰ হাৰ আৰু আসন বৃদ্ধি পাব।INDIA ALLIANCE চৰকাৰ দখল কৰিব বুলি বিশ্বাসী।এইদৰে কয় ভূপেন বৰাই।

Related Articles