মৌচুমী বায়ুৰ আগমনত ৰাজ্যজুৰি বৰষুণ ; পশ্চিম গুৱাহাটীত খেতিয়কৰ মুখত হাঁহি

ভাৰতৰ কৃষক ৰাইজৰ বন্ধু আৰু ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত এইবেলি সামুদ্ৰিক ধুমুহা ৰিমালৰ বাবে স্বাভাবিকতকৈ এটা সপ্তাহ আগতকৈ ৩০ মেত প্ৰৱেশ কৰিছে । স্বাভাবিক সময়ত উত্তৰ পূবৰ ৰাজ্য কেইখনত মৌচুমী বায়ু সাধাৰণতে ৫ বা ৬ জুনত প্ৰৱেশ কৰিব লাগে। কিন্তু ৰিমালৰ বাবে এইবেলি এটা সপ্তাহ আগতেই ৩০ মেত প্ৰৱেশ কৰিছে। ইফালে মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে এটা সপ্তাহ ধৰি উত্তৰ পূবৰ অান ৰাজ্যৰ লগতে অসমতো কম বেছি পৰিমাণে বৰষুণ হৈ আছে। বেচিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু কেবা ঠাইতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে।

সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয় । অানহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি গৈছে । ফলত বিগত কেইদিনত ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক পাঁচ দিন ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব । আনকি মেঘালয় , অৰুণাচল প্ৰদেশ , ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত ধুমুহা , গাঁজনী , ঢেৰেকনি , ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইফালে প্ৰায় দুসপ্তাহৰো অধিক দিন ধৰি বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিককৈ ৭ ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছিল তাপমাত্ৰা । ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয় সমূহৰ পাঠদান কাৰ্য পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছিল । জেঠৰ গৰমে এক কথাত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছিল । কিন্তু বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি যোৱাত ৰাইজে গেলা গৰমৰ পৰা বহু সকাহ লাভ কৰিছে । অানহাতে বৰষূণৰ অপেক্ষাত থকা আৰু শালি ধানৰ খেতিৰ বাবে সাজু হোৱা কৃষক সকলৰ মুখত হাঁহি আহিছে বৰষুণৰ আগমনত । কিয়নো বৰষুণৰ অভাবত কিছুদিন আগলৈকে ৰাজ্যৰ বেছিভাগ পথাৰতে ছিৰাল ফাট মেলিছিল । ফলত স্বাভাবিকতে বৰষূণৰ বাবে কৃষক ৰাইজ অধীৰ আগ্ৰহৰে বাট চাই আছিল ।

ইফালে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ বিক্ৰমপুৰ, নিৰলপুৰ , নালাপাৰা , পুৰাণ শুকুৰবৰীয়া, বেলগুৰী , মৈৰাপুৰ , পাট হালধীয়া, চল্লি , আন্ধেৰিজুলি, গণপতি, ধৰমপুৰ, ৰাজা পানীচন্দা , জবে পাটগাঁও , সজ্জনপাৰা আদিৰ কৃষক সকলে বিগত এটা সপ্তাহ ধৰি শালি ধানৰ কঠীয়া সিচাৰ পৰা আৰম্ভ কৰি পথাৰত হাল বোৱা কামত ব্যস্ত হৈ পৰিছে। সকলোৰে লক্ষ্য যিমান পাৰি সোনকালে কঠীয়া ৰোপণৰ কাম শেষ কৰা। মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভূটানত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত ।

Related Articles