পৰিৱেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ জিলা বন কৰ্মচাৰী সন্থাৰ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী

অসম বন কৰ্মচাৰী সন্থাই আগন্তুক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰ – ছাত্ৰী, সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ বাবে অসম চৰকাৰৰ বন বিভাগৰ কৰ্মৰত সকলো পৰ্যায়ৰ বিষয়া আৰু বন কৰ্মচাৰী সকলক গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ দুদিনমান পূৰ্বে আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনায় আজি সন্থাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাউৰী দেবী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত এক গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিদ্যালয় চৌহদত এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হোমেন পেগুয়ে ।

এই উপলক্ষে গুৱাহাটী জিলা সমিতিৰ সভাপতি জয়ন্ত কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সাধাৰণ সম্পাদক প্রহ্লাদ গায়নে। অনুষ্ঠানত বিদ্যালয়খনৰ উপাধ্যক্ষ হেৰম্ব দাসে ভাগ লৈ চমু ভাষণত তেঁওলোকৰ বিদ্যালয়ত এনে ধৰণৰ মহৎ কাৰ্যসূচীৰ আয়োজন কৰা বাবে সন্থাৰ গুৱাহাটী জিলা সমিতিৰ কৰ্মকৰ্তা সকলৰ শলাগ লয় আৰু আগলৈকে যাতে পুনৰ এনে ধৰণৰ সময়োপযোগি কাৰ্যসূচী তেওঁলোকৰ বিদ্যালয়ত অনুষ্ঠিত কৰে তাৰ কামনা কৰে ৷ অনুষ্ঠানত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি উৎপল বৰ্মন, বিত্ত সম্পাদক ঘনশ্যাম দাস ( জোন) , কাৰ্যকৰী সদস্য নকুল বৰুৱাকে ধৰি কেবাজনো সদস্য, গুৱাহাটী মহানগৰ জিলা সমিতিৰ কেবাজনো কৰ্মকৰ্তা , সদস্য অাৰু গুৱাহাটীৰ বিভিন্ন খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেবাজনো বনকৰ্মী উপস্থিত থাকে। অনুষ্ঠানত ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়ত্ৰীৰ মাজত গছপুলি বিতৰণ কৰা হয়। তেনেদৰে বিদ্যালয় চৌহদত ছাত্ৰ – ছাত্ৰীৰ সহযোগত কেবাটাও থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয় ।

Related Articles