Breaking

শোণিতপুৰ লোকসভা সমষ্টিৰ গহপুৰত উৎসৱমুখৰ পৰিৱেশ, বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ জয় নিশ্চিত…

0 24

শোণিতপুৰ লোকসভা সমষ্টিৰ গহপুৰ সমষ্টিত উৎসৱমুখৰ পৰিৱেশ। ১০ টা ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ জয় নিশ্চিত।শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গহপুৰ বিধানসভা সমষ্টিৰ গহপুৰ মহকুমাধিপতি কাৰ্য্যালয়ত হৈ থকা ভোট গণনাত ইতিমধ্যে ১০ টা ৰাউণ্ড অন্ত পৰিছে।

শোণিতপুৰ লোকসভা সমষ্টিৰ গহপুৰত ১০ ৰাউণ্ডৰ অন্তত বিজেপিৰ বৃহৎ অগ্ৰগতি দেখা পোৱা গৈছে। বিজেপিয়ে লাভ কৰিছে ৬৫,৯৬৩ টা ভোট। ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছে লাভ কৰিছে ২৫০৩০ ভোট। ৪০৯৩৩ টা ভোটৰ ব্যৱধানত ৰঞ্জিত দত্তৰ জয় নিশ্চিত হোৱাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গহপুৰত।

Leave A Reply

Your email address will not be published.