Breaking

কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুৰেশ বৰাক ২,১৬,৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে…

0 25

নগাঁও লোকসভা সমষ্টিত দ্বিতীয় বাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দুই লক্ষাধিক ভোটাৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক পৰাস্ত কৰি জয়লাভ কৰে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুৰেশ বৰাক ২,১৬,৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত পৰি সংসদীয় সমষ্টিটোৰ পৰা দ্বিতীয় বাৰলৈ সংসদ হিচাপে নিৰ্বাচিত হয়। কালি ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৭,৮৫,১৮৮ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ সুৰেশ বৰাই ৫,৬৮,৯০০টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, সমষ্টিটোৰ পৰা এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা আমিনুল ইছলামে মাত্ৰ ১,৩৬,৭৮৩ টা ভোট লাভেৰে তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়।


নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,”অসমৰ ৰাজনীতিৰ বাবে এই লোকসভা নিৰ্বাচনৰ‌ ফলাফলটো এক ইতিবাচক বাৰ্তা।২০১৬চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো উগ্ৰ সাম্প্ৰদায়িক, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি , হিন্দু -মুছলমানৰ ৰাজনীতি চলি আছে, তেওঁ লোকে অসমৰ সমাজ জীৱন দুখন পৃথিৱীৰ সৃষ্টি কৰি ঘৃণাৰ ৰাজনীতি বিয়পাইছে।সেই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ এতিয়া অৱসান ঘটিব।ইয়াৰ স্পষ্ট ইংগিত এই লোকসভা নিৰ্বাচনৰ ফলাফলে দিছে।” বৰদলৈয়ে আৰু কয়,”কি উজনি কি নামনি,সংখ্যাগুৰু, সংখ্যালঘু সকলোৱে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছে। এতিয়া হিমন্তবিশ্ব শৰ্মা হ’তে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰিবলৈ বাধ্য হ’ব।”এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰি বিজয়ী প্ৰাৰ্থী বৰদলৈয়ে কয়,”হিমন্ত বিশ্ব শৰ্মা জাতীয় উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ অনূঘটক হিচাপে কাম কৰা এ আই ইউ ডি এফকো সংখ্যালঘু ৰাইজে প্ৰত্যাখ্যান কৰিছে। অসমৰ ৰাজনীতিৰ পৰা সাম্প্ৰদায়িক এ আই ইউ ডি এফ নিচ্ছিহ্ন হৈ গ’ল।এইটো ভাল লক্ষণ।”


ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিজয়ৰ পাছত নগাঁৱৰ ৰাজীৱ ভৱনত বিজয় উল্লাসত মতলীয়া হৈ পৰে কংগ্ৰেছ নেতা কৰ্মী সকল। নগাঁও চহৰত প্ৰদ্যুত বৰদলৈৰ জয়ক লৈ সমৰ্থকৰ আনন্দৰ বহিঃপ্ৰকাশ ঘটায়।ইপিনে,মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা নগাঁও সমষ্টিত জয়প্ৰকাশ জনতা দলৰ অনুপম বৰুৱাই ৪২৭৫টা,অসম জন মৰ্চাৰ ছাইফুল ইছলাম চৌধুৰীয়ে ১৮১৭টা, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ ৰাব্বুল হক ২৫৩৬টা, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জীয়১৯৮৪টা,নিৰ্দলীয়ৰ ইউচুফ মহম্মদ ৰাইহান চৌধুৰীয়ে ২০১৫টা, আবু শ্বামায়ে ২২১১টা, নিখিল ডেকাৰজাই ৩৫৮৬ টা,চামচুল আলমে৫০৩৩টা,বিপদ ভঞ্জন চৰকাৰে ৪৮৬৩ টা আৰু শিখা শৰ্মা ৬৫৪৭টা ভোট লাভ কৰে।ইপিনে, প্ৰদ্যুৎ বৰদলৈৰ জয়লাভৰ পাছত নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত আৱতৰীয়া দিপাৱলী উদযাপন কৰা হয়। ফটকা,আতছবাজী ফুটাই কংগ্ৰেছ কৰ্মী সকলে আনন্দ উল্লাস প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.