Breaking

বি এইচ বি মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

0 32

সৰুপেটাস্থিত বি এইচ বি মহাবিদ্যালয়ৰ ইক’ ক্লাব আৰু আৰু গৱেষণা উদ্ভাৱন আৰু সম্প্ৰসাৰণ কোষৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বুধবাৰে বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰা হয়৷ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু “ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ ৰোধ আৰু খৰাং স্থিতিস্থাপকতা গঢ়ি তোলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহাবিদ্যালয়ৰ ৪ নং সভাকক্ষত অনুষ্ঠিত এই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ অধ্যাপক মানসজ্যোতি দাস৷ ভাষণ প্ৰসংগত তেখেতে বৰ্তমান সময়ত সমগ্ৰ বিশ্বত পৰিৱেশ বিনষ্ট হোৱাৰ বিভিন্ন কাৰক সম্পৰ্কে বিশ্লেষণ আগবঢ়ায়৷

লগতে তেওঁ মাটি সংৰক্ষণৰ বিভিন্ন প্ৰক্ৰিয়া, পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত জলবায়ুৰ বিভিন্ন উপাদান, প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন ইত্যাদি সম্পৰ্কেও আলোচনা কৰি পৰিৱেশ সজাগতা সম্পৰ্কীয় এটি ভিডিঅ’ ছাত্ৰ-ছাত্ৰীসকলক দেখুৱায়৷ বি এইচ বি মহাবিদ্যালয়ৰ গৱেষণা উদ্ভাৱন আৰু সম্প্ৰসাৰণ কোষৰ সমন্বয়ক ড॰ পূৰৱী তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ দিপ্তী কলিতাই সভাপতিত্ব কৰি সভাপতিৰ আসনৰ পৰা বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপনৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে৷ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ কল্পনা বৈশ্যৰ লগতে গ্ৰন্থাগাৰিক ডেইজী কলিতাই শিক্ষকসকলৰ মাজৰ পৰা পৰিৱেশ সুৰক্ষা সম্পৰ্কে চমুকৈ কিছু কথা ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে৷ অধ্যাপক প্ৰীতি দেৱীৰ শলাগৰ শৰাইৰে সামৰণি পৰা এই বক্তৃতা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ ভালেসংখ্যক অধ্যাপকৰ লগতে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰবোধ কলিতাৰ ব্যক্তিগত উদ্যোগত আৰু ইক’ ক্লাৱৰ সমন্বয়ক ড॰ অপূৰ্ৱ কুমাৰ বড়োৰ তত্ত্বাৱধানত অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে পৃথকে পৃথকে বৃক্ষৰোপণৰ কাৰ্যসূচীও সম্পাদন কৰা হয়৷

Leave A Reply

Your email address will not be published.