Breaking

ধুবুৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক উষ্ম আদৰণি…

0 55

অসমত অভিলেখ সংখ্যক ভোটত জয়ী ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। ধুবুৰীত ১০,১২,৪৭৬ ভোট সংখ্যাৰ ব্যৱধানেৰে বিজয় ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন। এআইইউডিএফ দলৰ দুৰ্গ ধুবুৰী লোকসভা সমষ্টিটোৰ তিনি বাৰৰ সাংসদ বদৰুদ্দিন আজমলক শোচনীয় ভাৱে পৰাজয় কৰি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। আজি ধুবুৰীৰ ৰাজীৱ ভৱনত হাজাৰ হাজৰ কংগ্ৰেছ কৰ্মী সকলে উপস্থিত হৈ ৰকিবুল হুছেইনক উষ্ম আদৰণি জনায়।

ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আগতে ধুবুৰী লোকসভা সমষ্টিৰ সকলো ভোটাৰ আৰু কংগ্ৰেছ কৰ্মী সকলোক ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰকিবুল হুছেইনে কয় যে মই মুখ্যমন্ত্ৰীৰ জালত নপৰো, তেওঁ মোৰ জালত পৰিব। মুখ্যমন্ত্ৰীৰ আসনখন সন্মানীয় আসন, সেই আসনত বহি অশোভনীয় কথা বতৰা কোৱাটো উচিত নহয়। আগন্তুক পঞ্চায়ত আৰু বিধান সভা নিৰ্বাচনত কেনেকৈ জয়ী হব পাৰে তাৰে আলোচলা কৰা হয় বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

Leave A Reply

Your email address will not be published.