নবীন শৰ্মা স্মৃতিচ’ৰাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন…

নবীন শৰ্মা স্মৃতিচ’ৰাৰ উদ্যোগ তথা নিউ গুৱাহাটী আদৰ্শ উচ্চমাধ্যমিক বিদ্যালয়ৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস-২০২৪ উদযাপন কৰা হয়। নবীন শৰ্মা স্মৃতিচ’ৰাৰ সাধাৰণ সম্পাদক ভাস্কৰ কৌশিকে আঁত ধৰা অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী বিনয় শৰ্মাই। অধ্যাপক ডঃ প্ৰদীপ শৰ্মাই পৰিৱেশ দিৱসৰ তাৎপৰ্য তথা গুৰুত্বৰ বিষয়ে তত্ত্বমূলক বক্তৃতা উপস্হাপন কৰে। ডঃ চয়নিকা শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিবেশ সম্পৰ্কীয় প্ৰশ্নোত্তৰ প্ৰতিযোগিতা পৰিচালনা কৰে।

শলাগৰ শৰাই আগবঢ়া শ্ৰী নগেন শৰ্মাই। প্ৰথম পুৰস্কাৰ ভুমিজ্যোতি নাথ আৰু যুৱৰাজ বেজবৰুৱা আৰু দ্বিতীয় পুৰস্কাৰ দীপিকা কলিতা আৰু মেঘাৰাণী তালুকদাৰে লাভ কৰে। বিজয়ী আৰু বিজিত দলক কিতাপ আৰু মানপত্ৰৰ লগতে ফুলৰ পুলি পুৰস্কাৰ ৰূপে প্ৰদান কৰা হয়।

Related Articles