Breaking

কোচিং নকৰাকৈয়ে নীটত লংকেশ্বৰৰ নবদ্বীপৰ সাফল্য…

0 34

নীট, আই আই টি, এন আই টিত চীট পাবলৈ বহু শিক্ষার্থী ইটোৰ পাছত সিটো কোচিং চেন্টাৰলৈ দৌৰী ফুৰাৰ সময়ত ক’তো প্ৰত্যক্ষভাৱে কোচিং নকৰাকৈ বিশেষ সফলতা লাভ কৰিছে পশ্চিম গুৱাহাটীৰ লংকেশ্বৰ নিবাসী নবদ্বীপ বৰ্মনে। তেওঁ সদ্য ঘোষিত নীটত ৬৫১ নম্বৰ লাভ কৰি উত্তীর্ণ হৈছে।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱা নবদ্বীপ বৰ্মনে ঘৰতে অধ্যয়ন কৰি নীটত উক্ত নম্বৰ লাভ কৰিছে। নবদ্বীপ লংকেশ্বৰৰ সমন্বয় পথ নিবাসী প্ৰভাত চন্দ্র বৰ্মন আৰু ৰীণা বৰ্মনৰ দ্বিতীয় পুত্র। নবদ্বীপ বৰ্মনৰ সাফল্যত পৰিয়ালৰ সদস্যৰ মাজত তথা লংকেশ্বৰ অঞ্চলত বৈছে আনন্দৰ বন্যা।

Leave A Reply

Your email address will not be published.