Breaking

পীযুষ হাজৰিকাই মন্ত্ৰীত্ব এৰিব নালাগে,নিৰ্বাচনৰ পিচত ইজনে সিজনক শুভেচ্ছা জনোৱাটো সৌজন্যতাবোধ: গৌৰৱ গগৈ

0 83

যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক আজি নগাঁও বৰঘাট বাইপাছত কংগ্ৰেছ নেতা-কৰ্মী সকলে আদৰণি জনায়।গগৈয়ে নগাঁও,ধুবুৰী আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয়-নগাঁও জিলাৰ কি বিশেষ গুণ আছে নাজানো।এই জিলাৰ লগত সম্পৰ্ক থকা তিনিজন সাংসদ হ’ল ।তেওঁ কয় যে-ধুবুৰীৰ ৰাইজে এ আই ইউ ডি এফৰ দ’ৰে এটা সাম্প্ৰদায়িক শক্তিক উৎখাত কৰাত সহায় কৰিলে।পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ভোটাৰক ধন্যবাদ জনাই গৌৰৱ গগৈয়ে কয় যে-পুৰণি কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজক মই কেতিয়াও পাহৰিব নোৱাৰো।তেঁওলোকে দুবাৰ সাংসদ বনালে।

তেঁওলোক মোৰ প্ৰকৃত ৰাজনৈতিক অভিভাৱক।’ মন্ত্ৰী পীযুষ হাজৰিকাকো কটাক্ষ গগৈয়ে কয় যে মই বিজয়ী হোৱাৰ পিচতো পীযুষ হাজৰিকাই মন্ত্ৰীত্ব এৰিব নালাগে।’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মাহত দুবাৰকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাটলৈ আহিবলৈ আহ্বান জনাই গৌৰৱ গগৈৰ মন্তব্য তেওঁ সোঁ হাত আৰু বাও হাত দুয়োখনকে লৈ আহক।তেওঁ যিমাননে আহিব আমাৰ ভাল হ’ব ।অহাবাৰ আমি আঢ়ৈলাখ ভোটৰ ব্যৱধানত জিকিম।ইপিনে বিজেপি বিধায়ক মৃনাল হাজৰিকাৰ সমৰ্থনত গৌৰৱ গগৈৰ মন্তব্য-সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হওতে মোৰ দেউতা প্ৰয়াত তৰুণ গগৈয়ে শপত গ্ৰহণ অনুষ্ঠানলৈ গৈছিল।এইটো অপৰাধ কৰিছিল নেকি?নিৰ্বাচনত হৰা জিকা থাকেই।নিৰ্বাচনৰ পিচত ইজনে সিজনক শুভেচ্ছা জনোৱাটো সৌজন্যতাবোধ।তেওঁ লগতে কয় যে বিধায়ক মৃনাল শইকীয়াই নিজৰ দলক ভাল পায়।আমাৰ দলক নহয়।কিন্তু বিজেপি দলত কথা কোৱাৰ অধিকাৰ নাই।গণতান্ত্ৰিক অধিকাৰ নাই।’বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক বিধায়িকা শিবামনি বৰা,বিধায়ক আছিফ নজৰে শুভেচ্ছা জনায়।

Leave A Reply

Your email address will not be published.