খহি পৰিল এক উজ্জ্বল নক্ষত্ৰ। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱাই দেহাৱসান ঘটে। চলিত মাহৰ ৫ তাৰিখে ৰাওৱে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় ৪ঃ৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেলুগু সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি অহা ৰামোজী ৰাও-এ ।
ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটি, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী। মিডিয়া বেৰনগৰাকী ইনাডু বাতৰি কাকত, ইটিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল। দাক্ষিণাত্যৰ বিশিষ্ট উদ্যোগীগৰাকীৰ মৃত্যুত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত নৰেন্দ্ৰ মোদী, জি কিষাণ ৰেড্ডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ তেলুগু সংবাদ মাধ্যম তথা সাংবাদিকতা ক্ষেত্ৰৰ সমান্তৰালভাবে ছবি আৰু মনোৰঞ্জন জগতখনৈও থকা ৰাওৰ অৱদানক বিশিষ্ট ৰাজনৈতিক নেতাসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সামাজিক মাধ্যমযোগে। প্ৰধানমন্ত্ৰীয়ে টুইটাৰ যোগে মোদীয়ে কয়, “শ্ৰী ৰামোজী ৰাওৰ মৃত্যু অত্যন্ত দুখজনক। ভাৰতীয় সংবাদ মাধ্যমত বিপ্লৱৰ সৃষ্টি কৰা এজন দূৰদৰ্শী ব্যক্তি ৰামোজী। তেওঁৰ চহকী অৱদানে সাংবাদিকতা আৰু চলচ্চিত্ৰ জগতত এক অবিস্মৰণীয় চিন ৰাখি থৈ গৈছে।” তেওঁ লগতে কয় যে তেওঁৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ জ্ঞানৰ পৰা উপকৃত হোৱাৰ কেইবাটাও সুযোগ পাইছো।এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিছো।
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয়, “শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যুত দুখী। তেলুগু সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ গভীৰ সমবেদনা। ওঁম শান্তি।” টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱেও ৰাওৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি তেওঁক তেলুগু সংস্কৃতিৰ চেম্পিয়ন আৰু সমাজ কল্যাণৰ অক্লান্ত পোষক ৰূপে স্বীকৃতি দিয়ে। তেওঁ কয়, “আজি কোম্পানী গোটৰ অধ্যক্ষ ৰামোজী ৰাও ডাঙৰীয়াৰ মৃত্যুৱে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে। তেওঁৰ মৃত্যু কেৱল তেলুগু জনসাধাৰণৰ বাবেই নহয়৷ দেশৰ বাবেও এক বৃহৎ ক্ষতি।” শাৰীৰিকভাৱে চিৰবিদায় মাগিলেও ৰাওৰ তেলুগু সমাজ জীৱনলৈ থকা অৱদানসমূহ চিৰদিন খোদিত হৈ থাকিব তেলুগু সংস্কৃতিৰ প্ৰাণস্পন্দনত৷