মিচিং সাহিত্য সভাৰ পঞ্চম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা…

মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ পঞ্চম কাৰ্য্যনিৰ্বাহক সভা দেওবাৰে ওপৰ টেমেৰা কমলামিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়৷ সম্প্ৰতি মিচিং ভাষাক অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা সিদ্ধান্তক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত প্ৰয়োগৰ ক্ষেত্ৰত মিচিং সাহিত্য সভাই ভাষাটো বিকাশ সাধন আৰু উন্নতিৰ কাৰণে আলোচনা কৰে।

অসম চৰকাৰে বাচনি কৰা দুশ‌খন বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত শিক্ষিক নিযুক্তিৰ প্ৰক্রিয়া বিশেষ পদ সৃষ্টি কৰি পৰীক্ষাৰ জৰিয়তে নিযুক্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। নিযুক্তি প্ৰাপ্ত শিক্ষক সকলক জুলাই মাহত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব মিচিং সাহিত্য সভাই।লগতে প্ৰতিখন বিদ্যালয়ৰ শিক্ষকৰ ওপৰত দৃষ্টি নিবন্ধ ৰাখিব বুলিও জানিবলৈ দিয়ে মিচিং সাহিত্য সভাই।

Related Articles