টামেং লং, জিৰিবাম জিলাত কাৰফিউ! মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ বন্দুকধাৰীৰ, আহত জোৱান…

জিৰিবামত গোষ্ঠী সংঘৰ্ষৰ উত্তপ্ত পৰিস্থিতিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত এম্বুছ কৰি আক্ৰমণ কৰিলে বন্দুকধাৰীয়ে। সোমবাৰে পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এই ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শিলচৰ – জিৰিবামৰ কোটলানে নামৰ স্থানত সংঘটিত এই আক্ৰমণৰ ঘটনাত মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত থকা মণিপুৰ ৰাইফলছৰ এজন জোৱান আহত হয়। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় আৰক্ষী আৰু অসম ৰাইফলছে সমগ্ৰ অঞ্চলজুৰি অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, মণিপুৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কাইলৈ ​​মঙলবাৰে জিৰিবামলৈ অহাৰ পৰিকল্পনা কৰি এডভান্স এস্কৰ্ট টিম প্ৰেৰণ কৰিছিল।মুখ‍্যমন্ত্রীৰ এছকর্ট টিম অহাৰ পথত এম্বুছ কৰি তেওঁলোকৰ উপৰত হামলা চলায় । ইপিনে শেহতীয়াকৈ জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে মণিপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ৬০০ৰো অধিক মণিপুৰী লোকে অসমৰ লক্ষীপুৰৰ নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে।

মণিপুৰত পুনৰ অগ্নিময় পৰিস্থিতি। এইবাৰ কাছাৰ জিলাৰ গাতে লাগি থকা জিৰিবামত দহটাতকৈও অধিক ঘৰ জ্বলাই দি‌য়ে দুষ্কৃতিকাৰীয়ে।বহু লোক গৃহহীন হৈ আশ্ৰয় বিচাৰি কাছাৰ জিলাত উপস্থিত হৈছে। জিৰিবাম সহ আন টামেংলঙ জিলাত কাৰফিউ  জাৰি কৰা হৈছে।অৰ্ধসামৰিক বাহিনীয়ে ৰাজপথত টহল দি আছে।

তথাপিও অশান্ত মণিপুৰে শান্ত হ’ব নিবিচাৰে। বৃহস্পতিবাৰে নিশা জিৰিবাম জিলাত এজন লোকৰ ডিঙি কাটি থোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অগ্নিময় পৰিস্থিতিৰ সৃষ্টি হয়। দহটাতকৈও অধিক ঘৰ জ্বলোৱা হয় । বৃহস্পতিবাৰে গুল তাল অঞ্চলত পত্নী আৰু পুত্ৰৰ সৈতে পথাৰত কাম কৰিবলৈ গৈছিল এছ শৰৎ সিং। ঘৈণীয়েক আৰু পুত্ৰক ঘৰলৈ পঠিয়াই দিয়াৰ পিছত কিছু কামত ব্যস্ত হৈ পৰে তেওঁ। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে শৰৎ ঘৰলৈ উভতি নহাত চিন্তিত পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াই বিচাৰিবলৈ ধৰিলে। অভাৱনীয়ভাৱে তেওঁৰ বিকৃত মৃতদেহ ফৈজল পুঞ্জীত উদ্ধাৰ হয়। এই তথ্য লাভ কৰাৰ লগে লগে বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিন্তু যেতিয়া এই খবৰটো বনজুইৰ দৰে বিয়পি পৰাৰ পিছত কুকি জনগোষ্ঠীৰ অন্তৰ্গত অঞ্চলত ক্ষুব্ধ জনসাধাৰণে কেইবাটাও ঘৰ জ্বলাই দিয়ে। আনকি এই ক্ষোভৰ জুই জিৰিবামৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰে। লগে লগে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ক্ষুব্ধ ৰাইজক নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ইটোৰ পিছত সিটোকৈ কুকিৰ ঘৰ জুই দি জ্বলাই দিয়ে । এই আকস্মিক ঘটনাত ভয় খাই কুকিসকলে হাবিত আশ্ৰয় লয়। শুকুৰবাৰে বহু পৰিয়ালে ঘৰ এৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ অৰণ্যত বা বিভিন্ন ঠাইত আশ্ৰয় লয়। এই ঘটনাৰ পিছতে মণিপুৰৰ টামেং লং আৰু জিৰিবাম জিলাত কাৰফিউ জাৰি কৰা হয়। আজিলৈ নিৰুদ্দেশ হৈ আছে কুকি জনগোষ্ঠীৰ এজন যুৱক। যুৱকজনক মুকলি কৰি দিবলৈ ছাত্ৰ সংগঠনৰ হৈ আৱেদন দাখিল কৰা হৈছে।

Related Articles