Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস পালন

0 21

নগাঁৱৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰাকৈ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । পুৱা ১১ বজাত পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভ সূচনা কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই ৷ ইয়াৰ পিছতে ১১:৩০ বজাৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখনি সভাৰ আয়োজন কৰা হয় ৷ বন্তি প্ৰজ্বলন, সমবেত সংগীতেৰে আৰম্ভ হোৱা আনুষ্ঠানিক সভাত আদৰণি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক তথা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ড° নয়নমনি শইকীয়াই ৷ ভাষণত তেওঁ বিশ্ববিদ্যালয়খনৰ এক চমু খতিয়ান দাঙি ধৰে ৷ অনুষ্ঠানত অংশলৈকে আচাৰ্য ডেকাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পটভূমিৰ উল্লেখ কৰি, শংকৰদেৱক কিদৰে বিজ্ঞানসন্মত দৃষ্টিৰে জনমানসত প্ৰতিষ্ঠা কৰাব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াই ৷ ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়াই অনুষ্ঠানৰ মুখ্য অতিথি কলাক্ষেত্ৰ সমাজ গুৱাহাটীৰ সচিব সুদৰ্শন ঠাকুৰে ৷

তেওঁ কয় – অসমৰ এটা সভ্যতাৰ বুনিয়াদ গঢ়োতা শংকৰদেৱৰ নীতি আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৌদ্ধিক ক্ষেত্ৰৰ অতুলনীয় অবদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৷ পৃথিৱী জুৰি নিজৰ স্থিতি ৰাখিবলৈ সক্ষম হোৱা সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ সমন্বিত প্ৰচেষ্টাত বিশ্ববিদ্যালয়খনে কম সময়তে চিনাকি ৰাখি যাবলৈ সক্ষম হৈছে ৷ তদুপৰি তেওঁ চিত্ৰৰ জৰিয়তে শংকৰদেৱৰ জীৱন-দৰ্শনক আগুৱাই নিবলৈ কৰা প্ৰয়াসত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগিতাৰ প্ৰসংগও উল্লেখ কৰে ৷ “শংকৰদেৱক মই মেনেজমেণ্ট গুৰু হিচাপে অভিহিত কৰিব পাৰোঁ ।

বহুধাবিভক্ত প্ৰতিভাৰ এগৰাকী ব্যক্তিৰ নামেৰে প্ৰতিস্থিত বিশ্ববিদ্যালয়খনে বিভিন্ন কাম কৰিব পাৰে ৷ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ সুনামবোৰ, ভাল খবৰবোৰ আমি সমাজৰ আগলৈ লৈ যাব লাগিব” ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশলৈ এই মন্তব্য কৰে প্ৰতিদিন টাইমৰ জেষ্ঠ্য সাংবাদিক মৃণাল তালুকদাৰে ৷ তেওঁ আৰু কয় যে, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ মাজত বুজাপৰা থাকিব লাগে যাৰ জৰিয়তে অৰ্থনৈতিক দিশটোও মজবুত হয় ৷ তদুপৰি তেওঁ নামঘৰীয়া-ক শৈক্ষিক পাঠ্যক্ৰমৰ মাধ্যমেৰে আগুৱাই নিবলৈ কৰ্তৃপক্ষক আহ্বান জনায় ৷ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ সমন্বয়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি আইন প্ৰস্তুত কৰাৰে পৰা একাদশ বৰ্ষত ভৰি দিয়া এই দীৰ্ঘসময়ৰ ইতিহাস ৰোমন্থন কৰি ৰাজ্য চৰকাৰৰ বলিষ্ঠ প্ৰদক্ষেপক কৃতজ্ঞতা জনাই ৷ বিশ্ববিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী ড° ত্ৰিৱেণী শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সম্পাদক গৌৰী প্ৰসাদ শৰ্মাই ৷ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, শ্ৰীমন্ত শংকৰদেৱ শিক্ষা আৰু আৰ্থ সামাজিক বিকাশ ন্যাসৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলা, থ্ৰি: এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.