মোডী ৩.০ কেবিনেটঃ লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন…

মোদীৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰশ্ন হৈছে লোকসভাৰ অধ্যক্ষ কোন হ’ব? ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভাৰ ২৭২খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰত থাকিলেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ)ৰ মিত্ৰ দলসমূহৰ ওপৰত নিৰ্ভৰ কৰি সফলভাৱে চৰকাৰ গঠন কৰিছে। ফলস্বৰূপে গেৰুৱা দলটোৱে অধ্যক্ষৰ পদৰ সিদ্ধান্ত ল’বলৈ নিজৰ মিত্ৰ দলবোৰক — বিশেষকৈ চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড) (জেডি-ইউ)ক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। দাবী কৰা হৈছে যে লোকসভাৰ ২৮খন আসন থকা দুগৰাকী টিডিপি আৰু জেডি-ইউ দুয়োটা দলেই স্থিতিৰ ওপৰত চকু ৰাখিছে। বিজেপিয়ে অৱশ্যে মিত্ৰশক্তিৰ পৰা লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰিবলৈ আগ্ৰহী নহয় বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

লোকসভাৰ অধ্যক্ষ কেনেকৈ নিৰ্বাচিত হয়ঃ

সংবিধানৰ ৯৩ নং অনুচ্ছেদ অনুসৰি প্ৰথমবাৰৰ বাবে নতুন লোকসভা বৈঠকৰ ঠিক আগতেই অধ্যক্ষৰ পদ খালী হৈ পৰে। নৱনিৰ্বাচিত সংসদ সদস্যসকলক পদৰ শপত গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে এজন প্ৰ’-টেম অধ্যক্ষ নিযুক্তি দিয়ে।

ইয়াৰ পিছত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে এজন লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়। অৰ্থাৎ সদনত উপস্থিত থকা আধাতকৈ অধিক সদস্যই লোকসভাৰ অধ্যক্ষ হ’বলৈ কোনো বিশেষ প্ৰাৰ্থীক ভোট দিব লাগিব।

অধ্যক্ষ নিযুক্তিৰ বাবে তেনে কোনো মাপকাঠী নাই। বিগত দুখন লোকসভাত ২০১৪-২০১৯ আৰু ২০১৯-২০২৪ বৰ্ষত বিজেপিৰ সুমিত্ৰা মহাজন আৰু ওম বিৰলা অধ্যক্ষ আছিল।

যিহেতু অধ্যক্ষজনো লোকসভাৰ নিৰ্বাচিত সদস্য তথাপি তেওঁ কোনো বিশেষ দলক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এন সঞ্জীভা ৰেড্ডীয়ে ১৯৬৭ চনৰ মাৰ্চ মাহত চতুৰ্থ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে এই নিয়ম বাধ্যতামূলক নহয়। পি এ চাংমা, সোমনাথ চেটাৰ্জী, আৰু মেইৰা কুমাৰে আনুষ্ঠানিকভাৱে তেওঁলোকৰ দলৰ পৰা পদত্যাগ কৰা নাছিল।


এইবেলি টিডিপি আৰু জেডি-ইউৱে কিয় অধ্যক্ষৰ পদত চকু ৰাখিছেঃ
পূৰ্বৰ দুটা কাৰ্যকালৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদী তৃতীয় কাৰ্যকালত মিত্ৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰশীল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নাইডুৱে, আনহাতে কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে।দুয়োটা দলৰ পৰাই অধ্যক্ষৰ পদটো ল’ব বিচাৰিছে বুলি বিভিন্ন মহলত খবৰ ওলাইছে। নাইডুৰ টিডিপি আৰু কুমাৰৰ জেডি-ইউ দুয়োটা দলে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব লাভ কৰিছে।

যিহেতু মোদী চৰকাৰৰ অংশীদাৰ হিচাপে কেৱল বিজেপিয়েই নহয় আন দলসমূহো আছে, গতিকে সদনৰ মজিয়াত চৰকাৰে সংকটৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত সদনৰ অধ্যক্ষৰ ভূমিকাই বিশেষ সহায় কৰিব। সেয়ে অধ্যক্ষৰ পদটো বিজেপিয়ে নিজৰ হাতত ৰখাৰ চেষ্টা চলোৱাটো স্বাভাৱিক।

ইপিনে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে লোকসভাৰ অধ্যক্ষক টিডিপি বা আন কোনো এনডিএ মিত্ৰজোঁটৰ অংশীদাৰৰ পৰা নিৰ্বাচিত কৰিবলৈ দাবী জনাইছে। তেওঁ কয় ‘এন ডি এ চৰকাৰত টিডিপিৰ এজন অধ্যক্ষ থাকিব লাগে। সংসদীয় পৰম্পৰাৰ বাবে মাৰাত্মক হ’ব এজন বিজেপি অধ্যক্ষ। মোডী ২.০ত ১৫০ জন সাংসদক সদনৰ পৰা নিলম্বিত কৰা হৈছিল। এই লোকসকলে ক্ষমতাত থাকিবলৈ সৰু সৰু দল ভাঙিব পাৰে।’খবৰ অনুসৰি ওম বিৰলা লোকসভাৰ অধ্যক্ষ হৈ থাকিব বুলি বহুতে কৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ কোটাৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল বিৰলাই। অধ্যক্ষ পদৰ বাবে চৰ্চিত আন কেইটামান নাম হৈছে ডগ্গুৱতী পুৰন্দেশ্বৰী। টিডিপিৰ প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওৰ কন্যা ডগ্গুৱতী পুৰন্দেশ্বৰী অন্ধ্ৰপ্ৰদেশৰ এগৰাকী বিজেপি নেত্ৰী।

Related Articles