Breaking

নাৰায়ণপুৰৰ অগ্ৰণী শিক্ষালয় একৰিট একাডেমীৰ নৱাগত আদৰণি সভা…

0 183

নাৰায়ণপুৰৰ নগৰৰৰ মাজমজিয়াত অৱস্থিত একৰিট একাডেমীৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হয়। নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। মঙলবাৰে অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাখন বিগত বছৰ সমূহৰ দৰে এইবছৰো সফলভাৱে অনুষ্ঠিত হয়।পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে একাডেমীৰ পৰিচালন সঞ্চালক মুকুন্দ্ৰ মুৰাৰী চেতিয়াই। নৱাগত ছাত্ৰ-ছাত্ৰীৰ আদৰণি অনুষ্ঠানৰ পিছতেই দুপৰীয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়। একাডেমীৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক বিৰেন চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে পৰিচালন সঞ্চালক মুকুন্দ্ৰ মুৰাৰী চেতিয়াই।সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড°লিমপন বৰা, সহযোগী অধ্যাপক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পৰশ গোস্বামী, নিমন্ত্ৰীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ ভূঞা,নাৰায়ণপুৰৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া গৌৰৱ দত্ত,বিশিষ্ট কবি, সাংবাদিক ৰূপম বৰা,সংযুক্ত খেলা সংঘৰ সভাপতি সুজিত দাস, সমাজসেৱক তথা বিশিষ্ট ব্যৱসায়ী মৃণাল বৰাৰ লগতে ভালেসংখ্যক অভিভাৱক শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।

অতুল চন্দ্ৰ ভূঞাই কয়- ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ লগতে মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ পথ সম্পৰ্কে বক্তব্য ৰাখে,নাৰায়ণপুৰৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া গৌৰৱ দত্তই ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে নতুন শিক্ষা নীতি আৰু অন্যান্য শৈক্ষিক দিন সম্পৰ্কে বিষয়ে বিষদভাৱে বক্তব্য আগবঢ়ায়। ষ্টেণ্ড কৰাজনেই সুনাগৰিক নহয় তৃতীয় বিভাগৰো ছাত্ৰজনো সমাজৰ এলাগী নহয় এই বক্তব্য বিশিষ্ট কবি, সাংবাদিক ৰূপম বৰাৰ।আনহাতে শিক্ষক গোটৰ সম্পাদক ৰাজীৱ গগৈ, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰজন্ম পৰাশৰ লগতে ছাত্ৰ একতা সভাৰ তৰফৰ নৱাগত আদৰণি সভাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে শলাগ লয়।একৰিট একাডেমীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত চিনাকী পৰ্বৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠিত হয়।পৰৱৰ্তী তৃতীয় শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ ন-পুৰনি ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানটোত একক অভিনয়, কবিতা আবৃত্তি, সংলাপ,নৃত্য গীত পৰিৱেশন আদিৰে নিজৰ প্ৰতিভা সমূহ প্ৰৰ্দশন কৰি একাডেমীৰ পৰিবেশ জীপাল কৰি তুলে।

Leave A Reply

Your email address will not be published.