কাকপথাৰ মাইঠঙৰ অন্বেষণ ফাউণ্ডেচনৰ বাঁহ শিল্পৰ উদ্যোগত উপস্থিত অসম ৰাজ্যিক বাঁহ অভিযানৰ পৰিচালক৷ মাইঠং গাঁৱৰ উদ্যোমী যুৱক দিগন্ত দহোতীয়াৰ নেতৃত্বত অন্বেষণ ফাউণ্ডেচনে কাকপথাৰ মাইঠং গাঁৱত অব্যাহত ৰাখিছে অৰ্থনৈতিক বিপ্লৱ৷ বাঁহ উৎপাদন আৰু বাঁহ শিল্পৰ জৰিয়তে বহু যুৱক যুৱতীক দিছে সংস্থাপন।
দিগন্ত দহোতীয়াৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা অন্বেষণ ফাউণ্ডেচনে দেখুৱাইছে স্বাৱলম্বনৰ পথ৷ বিভিন্ন সময়ত ভাৰত চৰকাৰৰ নৰ্থ ইষ্ট কেন এণ্ড বেম্বো ডেভেলপমেণ্ট কাউন্সিলে সহযোগ কৰি আহিছে দিগন্ত দহতীয়াক৷দহোতীয়াৰ এই উদ্যোগতো পৰিদৰ্শন কৰিবলৈ আহিল নৰ্থ ইষ্ট কেন এণ্ড বেম্বো ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়ববীয়া আৰু অসম ৰাজ্যিক বাঁহ অভিযানৰ পৰিচালক চাজিদ আলম।পৰিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনে ধৰনৰ উদ্যোগে গ্ৰাম্য অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাই বুলি মন্তব্য কৰে৷ লগতে দিগন্ত দহোতীয়াৰ প্ৰচেষ্টাত অন্বেষণ ফাউণ্ডেচনে অব্যাহত ৰখা বাঁহ শিল্পৰ উদ্যোগৰ প্ৰশংসা কৰে পৰিচালক গৰাকীয়ে৷