নেপালত প্ৰিঞ্চিৰ সোণৰ পদক লাভ

৩১মেৰ পৰা ৬জুনলৈ নেপালৰ জাপা প্ৰদেশৰ মেচি নগৰত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত নগাঁৱৰ বৰ জামগুৰিহাটৰ প্ৰিঞ্চি শইকীয়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত,ভূটান,শ্ৰীলংকা,নেপাল,কোৰিয়া,বাংলাদেশ আৰু পাকিস্তান এই সাতখন দেশৰ খেলুৱৈৰ মাজত অনুস্থিত এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত ৬৮কেজি শাখাত কুমিটে ইভেন্টেত তেওঁ এই পদক আৰু মানপত্ৰ লাভ কৰিবলৈ সক্ষম হয়।কুমিটেত প্ৰতিপক্ষৰ লগত যুদ্ধ আৰু কাটাত মাঠো প্ৰদৰ্শন কৰিব লাগে ।

বেবেজিয়াৰ ছিছান পংকজ মূদৈৰ নেতৃত্বৰ বেবেজিয়া কেৰাটে একাডেমিত প্ৰশিক্ষণ লৈ থকা প্ৰিঞ্চি বৰ্তমান নগাঁৱৰ কনচেপ্ট কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী ।স্বৰ্গীয় প্ৰশান্ত শইকীয়া আৰু ৰীতামণি ভূঞাৰ দুই কন্যা সন্তানৰ দ্বিতীয় প্ৰিঞ্চিক ইতিমধ্যে কেৰাটে ক্লাব নিজা কলেজত এই সাফল্যৰ বাবে সন্মান জনোৱা হৈছে ।

Related Articles