বাণীকান্ত কাকতি মেধাৱী বঁটাৰ স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীক বাহন চালনাৰ প্ৰশিক্ষণসহ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পৰিবহণ বিভাগে…

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুখ্যমন্ত্ৰীৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধাৱী বঁটাৰ স্কুটী লাভ কৰিবলগীয়া অসমৰ ৪৮,৬৭৩ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ কামৰূপ মহানগৰ জিলাৰ ২,৯০৭গৰাকী ছাত্ৰ-ছাত্ৰীক বাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়ম আৰু পথৰ সুৰক্ষিত যাতায়াত সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে পৰিবহণ বিভাগে৷ হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত সুৰক্ষিত যাতায়াতৰ বিভিন্ন দিশ সামৰি প্ৰদান কৰিবলগীয়া প্ৰশিক্ষণৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক পৰিবহণ বিভাগে বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কামৰূপ মহানগৰ জিলাত ৬০শতাংশৰ অধিক নম্বৰ লাভ কৰা ২,৩০৪গৰাকী ছাত্ৰী আৰু ৭৫শতাংশৰ অধীক নম্বৰ লাভ কৰা ৬০৩ গৰাকী ছাত্ৰ অৰ্থাৎ সৰ্বমুঠ ২,৯০৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বাণীকান্ত কাকতি মেধাৱী বঁটা হিচাপে স্কুটী লাভ কৰিব বুলি পোৱা তথ্যৰ ভিত্তিত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে ৰাজ্যৰ ৰাজধানী চহৰখনৰ এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নিজস্ব জ্ঞান-শিক্ষাৰ সমানে বাহন চালনাৰ ক্ষেত্ৰতো আত্মবিশ্বাসী আৰু দক্ষতা সম্পন্নভাৱে গঢ়ি তুলিবলৈ পৰিবহণ বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

সুখ্যাতিৰে উত্তীৰ্ণ হৈ বঁটা লাভ কৰা এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীক দুচকীয়া বাহনৰ আদৰ্শ চালক হিচাপে গঢ় দিয়াৰ প্ৰয়াসৰ কথাও তেওঁ সদৰি কৰে। সেই অনুসৰি অহা ১জুলাইৰ পৰা মহানগৰীৰ বেতকুচিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰতিদিনে মহানগৰ জিলাখনৰ ১০০গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক যান-বাহন চালনাৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ছাত্ৰ-ছাত্ৰীসকলে শিকাৰু অনুজ্ঞাপত্ৰ (Learner Licence)ৰ বাবে নিজৰ নাম-ঠিকনা, বয়সৰ প্ৰমাণপত্ৰসহ “parivahan Sewa” portal অথবা “http // Sarathi.parivahan.gov.in/ sarathi serviceত অনলাইন যোগে আৱেদন কৰিব লাগিব।

সমাজৰ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহনৰ আদৰ্শ চালক হিচাপে গঢ় দিবলৈ পৰিবহণ বিভাগে গ্ৰহন কৰা পদক্ষেপলৈ আন্তৰিক সহযোগিতাৰ হাত আগবঢ়াবলৈ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ প্ৰতিয়ো পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে অতি বিনম্ৰতাৰে অনুৰোধ জনায়। ইফালে এই বিশেষ প্ৰশিক্ষণ সন্দৰ্ভত সবিশেষ জানিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক শ্ৰীমতী পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈবৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Related Articles