বিচনাৰ পৰা উঠিবলৈ মন নাযায় নেকি? ৫টা কাৰণে শৰীৰক এলেহুৱা কৰি তোলে…

কেতিয়াবা আমাৰ শৰীৰটোক এলাহে আগুৰি ধৰে। গোটেই দিনটো জিৰণি লোৱাৰ পিছতো কেতিয়াবা আমাক এলাহে লগ নেৰে।যদি মাজে মাজে এলাহ ভাব আহে তেন্তে ঠিকে আছে, কিন্তু যদি আপুনি অহৰহ অলসতা আৰু এলাহৰ সন্মুখীন হৈ আছে, তেন্তে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। এলেহুৱা ভাবৰ ৫টা কাৰণ জানি লওক…


আমি যি খাওঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ শৰীৰৰ শক্তিত পৰে। প্ৰচেছড খাদ্য, চেনি আৰু অস্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ খাদ্যই ভাগৰুৱা আৰু অলসতাৰ সৃষ্টি কৰিব পাৰে। আনহাতে প্ৰটিন, ফাইবাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ থকা সুষম খাদ্যই আপোনাক শক্তিশালী কৰি ৰখাত সহায় কৰে।

শৰীৰত পানীৰ অভাৱ হলেও এলেহুৱাৰ এটা প্ৰধান কাৰণ। শৰীৰত পানীৰ অভাৱ হ’লে তেজ ডাঠ হৈ পৰে আৰু কোষলৈ পুষ্টিকৰ পদাৰ্থ প্ৰেৰণ কৰাত অসুবিধা পায়। ইয়াৰ ফলত পেশীৰ ক্ৰেম্প আৰু ভাগৰুৱা অনুভৱ হ’ব পাৰে।পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়।

ভাল টোপনি নাহিলেও এলেহুৱা ভাৱ আহিব পাৰে। ৰাতি কমেও ৭-৮ ঘণ্টা টোপনি লোৱাটো গুৰুত্বপূৰ্ণ।

নিয়মিত ব্যায়াম কেৱল শাৰীৰিক ফিটনেছৰ বাবেই নহয়, মানসিক সজীৱতাৰ বাবেও গুৰুত্বপূৰ্ণ। ব্যায়ামে ৰক্ত সঞ্চালন উন্নত কৰে, পেশী শক্তিশালী কৰে আৰু এণ্ড’ৰ্ফিন নামৰ হৰম’ন নিৰ্গত কৰে, যাৰ ফলত আমি সুখী আৰু শক্তিশালী অনুভৱ কৰোঁ।

কেতিয়াবা এলাহ ভাবৰ আঁৰত চিকিৎসাজনিত কাৰণ থাকিব পাৰে। যেনে, থাইৰয়ডৰ সমস্যা, ৰক্তহীনতা, হতাশা বা যিকোনো দীৰ্ঘদিনীয়া ৰোগ।

Related Articles