মুছলিম ছাত্ৰ সন্থা শিলবৰী আঞ্চলিক সমিতিৰ উদ্যোগত অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা…

সদৌ অসম মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সহযোগত শিলবৰী, বৰঝাৰ আৰু কৌপাটি আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰী প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। বৃহত্তৰ শিলবৰী অঞ্চলৰ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু সদ্য ঘোষিত NEET পৰীক্ষাত সুক্ষাতিৰে উৰ্ত্তীন ছাত্ৰ ছাত্ৰীক জনোৱা হয় এই সম্বৰ্ধনা। এখনি জাপি, ফুলাম গামোচা আৰু মানপত্ৰৰে ছাত্ৰ-ছাত্ৰীক ভবিষ্যতৰ শৈক্ষিক দিশত উৎসাহ দিয়াৰ উদ্দেশ্যৰে জনোৱা হয় সম্বৰ্ধনা। মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সভাপতি মহিবুল ইছলাম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকি ৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰুজ আলী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা হোমেন বৰুৱা, খাৰুপেটিয়াৰ অধিবক্তা ৰেকিব উদ্দিন, শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ জাকিৰ হুছেইন,২নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাল উদ্দিন, দক্ষিণ বেছিমাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল বাৰি,
মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জহিৰুল খলিফাই ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত জীৱন পথত আগবাঢ়ি যোৱা, সফলতা লাভ কৰাৰ উপায়, ছাত্ৰ জীৱন আৰু কিতাপৰ লগত সম্পৰ্ক,নৈতিক দায়িত্ব, এখন সুস্থ সমাজ গঠনৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ কৰণীয় লগতে এজন ভাল মানুহ হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত বহুমূলীয়া ভাষন প্ৰদান কৰে।


লগতে মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সভাপতি মহিবুল ইছলাম চৌধুৰীয়ে কয় যে অসম চৰকাৰৰ অভিলাসি আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি খনে বহু দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব। কিন্তু আঁচনি খন মাত্ৰ চৰকাৰী,অপ্ৰাদেশীত মহাবিদ্যালয়ত সীমাবদ্ধ নাথাকি আঁচনি খনৰ যোগ্য প্ৰাপ্ত ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত পঢ়ি থকা দুখীয়া দৰিদ্ৰ ঠেলাওলা, ৰিক্সা ওলাৰ ছাত্ৰীসকলে পাব লাগে। শনিবাৰে অনুষ্ঠিত এই সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা শিলবৰী আঞ্চলিক সমিতিৰ সভাপতি আক্তাৰ হুছেইন, সম্পাদক আকিব জামান,ছাইকুল ইছলাম, কৌপাটি আঞ্চলিক সমিতিৰ সভাপতি বুলবুল হক,বৰঝাৰ আঞ্চলিক সমিতিৰ সভাপতি ইনজামামুল হক, মিনাৰুল ইছলাম, আৰিফুল ইছলাম, মুছলিম ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবুল বাশ্বাৰ, সম্পাদক আশ্বাদুল হক, শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ কেইবাজনো প্ৰৱক্তা আদি কৰি স্থানীয় শিক্ষাবিদ, মান্য গন্য ৰাইজ আৰু চাৰি শতাধিক ছাত্ৰ ছাত্ৰী। প্ৰথম অৱস্থাত প্ৰতিকুল বতৰে যদিও সভা অনুষ্ঠিত কৰাত কিছু ব্যাঘাত জন্মিছিল কিন্তু পিছলৈ সুচাৰুৰূপে সভা সম্পন্ন হয়।

Related Articles