সূৰ্য্য উদয় হৈ জগত পোহৰ কৰি যিদৰে অন্ধকাৰ কৰি অৱশেষত অস্ত যায়, ঠিক তেনেদৰে পোহৰৰ পিছত অন্ধকাৰ প্ৰকৃতিৰ নিয়ম৷ যদি ভালদৰে বিশ্লেষণ কৰি চোৱা যায় প্ৰকৃতিত কোনো বস্তু চিৰস্থায়ী নহয়৷ কেতিয়াবা যদি ভাল আৰু খন্তেক পিছতে বেয়া৷ মানুহৰ জীৱনটো এদিন যদি সুখ পৰৱৰ্তী মুহূৰ্ততে দুখ৷ আমি সাধাৰণতে অজ্ঞানতাৰ কাৰণে সুখত মতলীয়া হৈ আত্মহাৰা হওঁ নহয়নে? কিন্তু হব পাৰে পৰৱৰ্তীকালত দুখ আমাৰ ওচৰতে কৰবাত ঘাট পাতি ৰৈ আছে৷ জ্ঞানীজনে কেতিয়াও সুখত মতলীয়া নহয় আৰু দুখত ভাঙি নপৰে কাৰণ সুখৰ পাছত দুখ আৰু দুখৰ পাছত সুখ এয়া চিৰসত্য প্ৰকৃতিৰ নিয়ম৷ কিন্তু আমি বিচাৰোঁ সুখ চিৰস্থায়ী হোৱা,দুখ যাতে আমাৰ ওচৰত কাহিনীও নাহে, কিন্তু নিয়তিক জানো কোনোবাই বাধা দি ধৰি ৰাখিব পাৰিব? আমি জীৱনত সুখকে প্ৰাধান্য দিলোঁ, দুখ আমাৰ মুঠেই সহ্য নহয়৷ কিন্তু ভাবি চাওকচোন দুখৰ অবিহনে সুখৰ কিবা অস্তিত্ব আছে নেকি? কাল ধুমুহা পাৰ হোৱাৰ পাছত প্ৰকৃতি হওক অথবা জীৱন কেনেকৈ নৰূপত ঠন ধৰি উঠে৷
আচলতে সুখ কি? আৰু দুখ কি? সমস্যা বিহীন, সংগ্ৰাম বিহীন নিৰোগী আমোদ প্ৰমোদৰ জীৱন এটাক আপুনি সুখী জীৱন বুলি অভিহিত কৰে নেকি? যদি কৰে আপোনাৰ কৰবাত ভুলো হব পাৰে৷ আৰামী সংগ্ৰাম বিহীন জীৱন এটাই আপোনাক এলেহুৱা কৰিব পাৰে কিন্তু প্ৰকৃত সুখ দিব নোৱাৰে৷ তেতিয়া হ’লে প্ৰকৃত সুখ কি? যিটো চিৰস্থায়ী, মন নিৰ্মল কৰি নিস্বাৰ্থভাবে সমাজৰ হ’কে নিজকে উচৰ্গিত কৰি দিয়াটো সুখৰ সংজ্ঞা হব পাৰে৷ যদিহে আপোনাৰ সৎসাহস আছে নিজৰবাবে নহয় দেশমাতৃৰ বাবে সমাজৰ হ’কে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ লাচিতৰ দৰে তৰ্জনগৰ্জন কৰিব পাৰে তেতিয়া হ’লে আপুনি প্ৰকৃত সুখৰ গৰাকী হব পাৰে৷ সাধাৰণ জীৱনযাপন জন্তুবোৰেও কৰে কিন্তু মানুহ হোৱাৰ গৰিমা আৰু অহংকাৰ নিজৰ বাবে নহয় আন দহৰ বাবে জীয়াই থকাহে৷ কেতিয়াবা নিজৰ ব্যক্তিগত স্বাৰ্থবোৰ দূৰত ৰাখি আনৰ বাবে জীয়াই থাকিবলৈ শিকক তেতিয়া অনুভৱ হব প্ৰকৃত সুখ কি? আৰু দুখ কি? জংঘলত পশুৱে সংগ্ৰাম কৰে নিজৰ পেটৰ আৰু পৰিয়ালৰ বাবে কিন্তু পশুৱে জানো সুখদুখ উপলব্ধি কৰিব জানে? এবাৰ বিবেকৰে মানুহ হোৱাৰ চেষ্টা কৰি সস্তীয়া সুখদুখ পৰিহাৰ কৰি পৰম সুখৰ অধিকাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰোঁ আহক৷
লেখকঃ শৈলেন কুমাৰ