Breaking

অৰুণাচলত জেডি (ইউ) বিধায়কৰ বিজেপি গমন

0 2,059

অৰুণাচলত নীতিশ কুমাৰৰ দল ভাঙিলে গেৰুৱা শিবিৰে। তাৰ পৰিপ্ৰেক্ষিততে বিৰোধীসকলৰ সৈতে যোগাযোগ ৰাখিবলৈ নীতিশ কুমাৰৰ উদ্দেশ্যে কংগ্রেছ সাংসদ অধীৰৰঞ্জন চৌধুৰীৰ পৰামর্শক কেন্দ্ৰ কৰি এতিয়া জল্পনা তুঙ্গত উঠিছে। ৰাজনৈতিক পর্যবেক্ষকসকলৰ দাবী, বিহাৰতো মুখ্যমন্ত্রী নীতিশ কুমাৰ প্ৰবল চাপত আছে। নির্বাচনত ‘বৃহত্তম অংশীদাৰ’ দল হিচাবে আত্মপ্রকাশ কৰিছে বিজেপিয়ে। ‘ঘনিষ্ঠ’ সুশীল মোদীকো আঁতৰাই দিয়া হৈছে। পৰিৱর্তে উপ-মুখ্যমন্ত্রী পদত বহুওৱা হৈছে সঙ্ঘ পৰিয়ালৰ ঘনিষ্ঠ দুই বিজেপি নেতা–নেত্রীক।

উল্লেখ্য, সম্প্রতি অৰুণাচল প্রদেশত ৬জন জেডি (ইউ) বিধায়কে ৰাজ্যৰ শাসকীয় দল বিজেপিত যোগ দিছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত অৰুণাচলত ৪১খন আসন লাভ কৰিছিল বিজেপিয়ে। আসন সংখ্যাৰ হিচাবত মুঠ সাত বিধায়কসহ প্রধান বিৰোধী দলৰ যি মর্যাদা জেডি (ইউ)-এ লাভ কৰিছিল, সেয়া এইবাৰ হেৰুৱাবলগা হ’ল নীতিশৰ দলে। ইয়াৰ পিছতেই অধীৰৰঞ্জনৰ টুইট, ‘এয়া বিজেপি !‌ সাৱধানে থাকক। ‌উত্তৰ–পূব ভাৰতৰ কুখ্যাত চিকাৰীবোৰৰ দৰে এওঁলোক দল ভঙাৰ অভিযানত অত্যন্ত দক্ষ আৰু ওস্তাদ।’

বিহাৰতো একেই ঘটনা ঘটিব পাৰে বুলি ইঙ্গিত দি তেওঁ কয়, ‘ভাঙি টুকুৰা টুকুৰ হোৱাৰ আগতে নতুন কিবা ভাবক নীতিশজী। অৰুণাচলৰ ঘটনাৰ প্রতিবাদত যোগ্য প্ৰত্যুত্তৰ দিবলৈ বিহাৰত বিৰোধীসকলৰ সৈতে যোগাযোগ ৰাখক।’

Leave A Reply

Your email address will not be published.