গোগামুখত শিক্ষামন্ত্ৰীৰ দ্বাৰা সৌৰ চালিত জলসিঞ্চন, ছোৱালী আৱাস; বিদ্যালয় গৃহৰ শুভ উদ্বোধন…

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোগামুখত দুখন সৌৰ চালিত জলসিঞ্চন আঁচনি আৰু এখন বিদ্যালয়ৰ ছোৱালী আৱাস,  পাঠদান গৃহ,  লগতে বিদ্যালয়ৰ পকী দেৱাল শুভ উদ্বোধন কৰে ৷ ধেমাজি৷জিলাৰ গোগামুখৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছোৱালী আৱাসটো আজি পুৱা ১০-৩০ বজাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুভ উদ্বোধন কৰি ছোৱালী আৱাসটো বিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰে৷ ১১-৩০ বজাত গোগামুখৰ তাজিক গাঁৱত নিৰ্মাণ কৰা সৌৰশক্তি চালিত জলসিঞ্চন আঁচনিখন শিক্ষান্ত্ৰী ডাঃ পেগুৱে উদ্বোধন কৰে৷ ৩৫ লাখ টকা ব্যয় সাপেক্ষে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ধেমাজি আৰু জোনাই সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা উক্ত সৌৰচালিত জলসিঞ্চন আঁচনিখনে শতাধিক কৃষকক কৃষিকৰ্মত সহায় কৰিব বুলি আশা কৰা হৈছে৷তাজিকৰ সৌৰ চালিত জলসিঞ্চন আঁচনিটোৰ সৌৰ শক্তি ৭.৫ আৰু ইয়াত ১১ টা চেম্বাৰ আছে৷

দুপৰীয়া ১২ গোগামুখৰ পমুৱাত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৩৫ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আন এখন সৌৰ চালিত  জলসিঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে৷৭.৪  শক্তি থকা পমুৱাৰ সৌৰ চালিত জলসিঞ্চন আঁচনিখনত ১০ টা চেম্বাৰ থাকিব৷ উক্ত আঁচনিখনো অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ধেমাজি আৰু জোনাই সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা হৈছে৷আঁচনি শুভাৰম্ভণি অনুষ্ঠানবোৰত উপস্থিত থাকে  জলসিঞ্চন বিভাগৰ লখিমপুৰ চক্ৰৰ জেষ্ঠ অভিযন্তা লক্ষী কুম্বাং, কাৰ্যবাহী অভিযন্তা অখিলেশ বৰুৱা, সহকাৰী অভিযন্তা হিৰণ্য দলে আৰু  নন্দিতা বৰুৱাই৷ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে গোগামুখৰ নাহৰবাৰী স্থিত নাহৰবাৰী হাইস্কুলৰ এটি পাঠদান গৃহৰ লগতে বিদ্যালয়খনৰ পকী চাৰিবেৰ আজি বিয়লি উদ্বোধন কৰে৷ অসম চৰকাৰৰ ভৈয়াম জনজাতি পূঁজিৰে ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উক্ত আঁচনিখনক লৈ নাহৰবাৰীবাসী সন্তুষ্টি প্ৰকাশ কৰিছে৷ সৌৰ চালিত জলসিঞ্চন আঁচনি দুখন আৰু নাহৰবাৰী হাইস্কুলৰ পাতদান গৃহ আৰু পকী চাৰিবেৰ নিৰ্মাণ কৰাৰ দায়িত্ব লাভ কৰিছিল বিশ্বজিৎ মেহেঙ্গীয়া, বুবুল গগৈ আৰু তীৰ্থপ্ৰতীম পেগুৱে৷

শুভ উদ্বোধনী অনুষ্ঠানবোৰ ডাঃ পেগুক সহযোগিতা আগবঢ়াই দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ বৰদেউৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী জ্যোতিপ্ৰভা পেগু দলে, সভাপতি মোহন গগৈ, সমাজকৰ্মী প্ৰিয়পবন দলে আৰু বিজেপিৰ নেতা-পালিনেতাসকলে৷

Related Articles