Breaking

মঙলবাৰে পুনৰ আলোচনাত বহিব কেন্দ্ৰ-কৃষক সংগঠন

0 2,028

অহা ২৯ ডিচেম্বৰ মঙলবাৰো ষষ্ঠলানি আলোচনা কেন্দ্ৰ-বিদ্ৰোহী কৃষক সংগঠনৰ। কেন্দ্রৰ প্রস্তাৱৰ পৰিপ্রেক্ষিতত শনিবাৰে নিজৰ মাজত আলোচনাত বহিছিল প্রায় ৪০টা কৃষক সংগঠনৰ প্রতিনিধি।

তাৰ পিছতেই কেন্দ্রৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লয় তেওঁলোকে। লগতে এইটোও জনাই দিয়ে যে নতুন কৃষি আইন প্রত্যাহাৰেই আলোচনাৰ বিষয়বস্তু হ’ব। কেন্দ্রৰ উদ্দেশ্যে প্ৰেৰণ কৰা পত্ৰত কৃষকসকলে জনাইছে, ‘আপোনালোকে কৈছে চৰকাৰে ‌কৃষকসকলৰ কথা শুনিব বিচাৰে। যদি সঁচাই সেয়া হয়, তেনেহ’লে আমাৰ এই আন্দোলনক লৈ কুৎসা ৰটনা বন্ধ কৰক। আমাৰ দাবী সন্দৰ্ভত ভুল বার্তা দাঙি নধৰিব। সমগ্ৰ চৰকাৰী ব্যৱস্থাক কামত লগাই কৃষকসকলৰ যি নেতিবাচক ভাবমূর্তি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে, সেয়া বন্ধ কৰিব লাগিব।’

কৃষক নেতা শিৱ কুমাৰ কাক্কাই কয়, ‘আলোচনাৰ প্রস্তাৱ দি কেন্দ্রই যি পত্ৰ দিছে, সেয়া আমাৰ বিৰুদ্ধে প্রচাৰৰ বাহিৰে আন একো নহয়। কেন্দ্রই এইটো বুজাবলৈ বিচাৰিছে, যেন আমি আলোচনাৰ বাবে প্ৰস্তুত নহয়।’

Leave A Reply

Your email address will not be published.