যোৰহাটত ১কোটি ২০লাখ ড্ৰাগছ সহ সৰৱাহকাৰীক আটক

যোৰহাট মধুৱন সমীপৱতী ১৩নং ৱাৰ্ডত আজি এটা ভাড়াঘৰ পৰা যোৰহাট উপ আৰক্ষী অধীক্ষ আৰু সদৰ থানা আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৰক্ষী দলে পঞ্চাশ টা চাবোন বাকচত মজুত কৰি ৰখা ৫০০.৯৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা লগতে আমগুৰি বাবা হাজৰিকা নামৰ এটা সৰৱাহকাৰী আটক কৰিবলৈ সক্ষম হয়।

ঘটনা বিৱৰণি অনুসৰি আমগুৰি এটা ড্ৰাগছ সৰৱাহকাৰীৰ তথ্য ভিত্তিত যোৰহাট আৰক্ষীয়ে আজি আৱেলি ভাগত ১৩নং ৱাৰ্ডৰ চোলাধৰা মধুৱনত থকা এটা তিনিমহলীয়া ভাড়াৰ এটা বন্ধ কোঠাত পঞ্চাশ টা চাৱোন বাকচত মজুত কৰি থোৱা অৱস্থাত ৫০০.৯৭ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে ড্ৰাগছ সহ সৰৱাহীটোক আটক যোৰহাট আৰক্ষীয়ে সদৰ থানালৈ লৈ আনে আৰু অধিক তথ্য আহৰণৰ বাবে সোধাপোছা অৱ্যাহত ৰাখিছে সৰৱাহকাৰীটোক।তাপৰ্যপূৰ্ণ ৰ্যে যিটো ঘৰ পৰা ড্ৰাগছ খিনি উদ্ধাৰ কৰা হৈছে ,সেই ঘৰটো গৰাকী ঘৰ শিৱসাগৰত।অধিক ভাড়া পোৱা আশাত গৰাকীয়ে যধে মধে ঘৰ ভাড়ালৈ দি অহা গুৰুত্ব অভিযোগ উথাপিত হৈছে।

অভিযোগ মতে উক্ত ঘৰটোত বিভিন্ন সময়ত বিভিন্ন অসামাজিক কাৰ্যাকলাপ সংঘটিত হৈ আহিছে।ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনা ই বৃহৎ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰা লগতে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ দেখি হতবাক হৈ পৰিছে অভিযাণকাৰী যোৰহাট আৰক্ষী।।

Related Articles