তেজপুৰত ৰূপকোঁৱৰৰ ১২২ সংখ্যক ওপজা দিন উদযাপন

ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২ সংখ্যক ওপজা দিনটো তেজপুৰত আজি একাধিক স্হানত উদযাপন কৰা হয়৷ তেজপুৰৰ এক ঐতিহাসিক অঞ্চল ঘৰপৰা চুবুৰি স্হিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ উদ্যোগত আজি পুৱা অনুষ্ঠিত কৰা হয় প্ৰাতঃস্মৰণীয় শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ নৃত্যশালাৰ অধ্যক্ষা জ্যেষ্ঠা নৃত্যশিল্পী দীপা দাসৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছত নৃত্যশালাৰ শিক্ষাৰ্থী সকলে জ্যোতি সংগীতৰ আধাৰত নৃত্যৰে ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে তেজপুৰ সাহিত্য সভাৰ উদ্যোগতো অনুষ্ঠিত কৰা হয় ৰূপকোঁৱৰ গৰাকীৰ ১২২ সংখ্যক ওপজা দিন৷এই অনুষ্ঠানত ৰূপকোঁৱৰৰ ভতিজা ,শিল্পী অপৰূপ আগৰৱালাই ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰাৰ লগতে একেলগে থকা কলাগুৰুৰ আৱক্ষ মূৰ্ত্তি আৰু নটসূৰ্যৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে কলাগুৰুৰ পুত্ৰ ,শিল্পী তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই ।আনহাতে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।


ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতেই তেজপুৰ সাহিত্য সভা ভৱনত সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰা আৰু নয়ন শইকীয়াৰ জৰিয়তে তেজপুৰ সাহিত্য সভাৰ সদস্যা সকলে জ্যোতি সংগীত পৰিৱেশন কৰে ।
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে সাপ্তাহিক গণকণ্ঠৰ সম্পাদক ড০ প্ৰাণজিৎ হাজৰিকা ,সাহিত্যিক পেন্সনাৰ ৰাম চন্দ্ৰ চুতীয়া ,শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া ,তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা ,সম্পাদক দ্বীজেন নাথৰ জৰিয়তে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ৰূপকোঁৱৰৰ ভতিজা অপৰূপ আগৰৱালাৰ “চিন্তাৰ ৰেঙণি “শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰে ।বিধায়ক ৰাভাই উন্মোচনী ভাষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া জাতিৰ নিৰ্মাণ আৰু প্ৰতিষ্ঠাৰ বাবে অতি কম সময়ৰ জীৱনতে যিখিনি কৰি থৈ গ’ল তাৰ বাবেই আজি অসমীয়াই ওপজা দিন আৰু স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি আছে বুলি মন্তব্য কৰি তেওঁৰ সৃষ্টি ৰাজিৰ মহত্বক নতুন পুৰুষে হৃদয়ংগম কৰিব পাৰিলেহে এখন শক্তিশালী সমাজ গঠনৰ আশা কৰিব পাৰি বুলি কয় । ৰূপকোঁৱৰৰ ভতিজা অপৰূপ আগৰৱালাই ৰূপকোঁৱৰৰ স্মৃতিচাৰণ কৰি হৰিবিলাস মুভিজৰ প্ৰয়োজনাত তেজপুৰৰ বাণ থিয়েটাৰৰ সৈতে নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক “কিয় “বোলছবি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আজিৰ এই অনুষ্ঠানতে সদৰি কৰে৷ প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰা ,কল্পনা কলিতা আৰু উদীয়মান হিৰামণি লহকৰে জ্যোতি সংগীত পৰিৱেশন কৰাৰ লগতে সু আবৃত্তিকাৰ বিকাশ জ্যোতি কলিতা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱাই জ্যোতি কবিতা আবৃত্তি কৰেে৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি, ঔপন্যাসিক ড০ শইকীয়াই ৰূপকোঁৱৰৰ স্মৃতিচাৰণ কৰি


ৰূপকোঁৱৰ বুজিবলৈ হ’লে ৰূপকোঁৱৰ ৰচিত নাট কেইখন গভীৰভাৱে অধ্যয়ন কৰা প্ৰয়োজন বুলি কৈ দশম শ্ৰেণীত পঢ়ি থাকোতেই হাতেলিখা আলোচনী ‘জোনাকী’ ত বৃদ্ধ বণুৱাৰ মৃত্যুৰ অভিজ্ঞতাক লৈ “বণুৱাৰ মৃত্যু “শীৰ্ষক কবিতাৰে কবি হিচাপে আত্মপ্ৰকাশ কৰা জ্যোতিপ্ৰসাদে উপন্যাসৰ বাহিৰে সাহিত্যৰ আন সকলো ৰূপতে অনবদ্য অৰিহনা আগবঢ়ালেও ৰচিত নাটককেইখন অতিশয় গুৰুত্বপূৰ্ণ বুলি কয় ড° শইকীয়াই৷তেওঁ কয় যে, ‘কাৰেঙৰ লিগিৰী’ যদি অসুন্দৰ সমাজৰ বিৰুদ্ধে সুন্দৰ কোঁৱৰৰ সংগ্ৰামৰ কাহিনী হয় তেন্তে ‘ৰূপালীম’ হ’ল উদাৰ প্ৰেমৰ লগতে ক্ষুদ্ৰমনা অসূয়া, ঈৰ্ষাৰ দ্বন্দ ৷ ‘নিমাতী কইনা’ ত আকৌ মূক জনতাৰ কণ্ঠত তুলি দিছে অমৃত বাণী৷ নাটক ‘লভিতা’ ত পোৱা যায় গাৱলীয়া নাৰীৰ সাহস, ত্যাগৰ কাহিনী৷
পিতৃ পৰমানন্দ আগৰৱালাই অৰ্গেনত কীৰ্ত্তনৰ পদ আৰু অসমীয়া গান বজোৱা শুনিয়েই জ্যোতিপ্ৰসাদে অনুপ্ৰাণিত হৈ বিয়ানামৰ সুৰ সংযোজন কৰি ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’ গীতটি প্ৰস্তুত কৰিছিল৷ একেদৰেই ‘শোণিতকুঁৱৰী’ নাটকত গীত গোৱাই আধুনিক অসমীয়া সংগীতৰ ভেটি স্থাপন কৰিছিল৷ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ১৯২৪ খ্ৰীষ্টাব্দত চাৰিটা গীতেৰে বাণীবদ্ধ কৰাই আধুনিক অসমীয়া সংগীতৰ যি জয়যাত্ৰা আৰম্ভ কৰিছিল জ্যোতিপ্ৰসাদে অনেক গীত-মাতেৰে সমৃদ্ধ কৰি থৈ গৈছে৷ দুকুৰি আঠ বছৰীয়া চুটি জীৱনত প্ৰথমখন কথাছবি পৰিচালনা-প্ৰযোজনা কৰি যি ইতিহাস সৃষ্টি কৰিলে, ‘শিল্পী পৃথিৱী’ ৰে শিল্পীৰ যি সংজ্ঞা নিৰূপন কৰিলে তাৰ দ্বাৰাই আধুনিক অসমীয়া কৃষ্টি-সংস্কৃতিৰ মাৰ্গ দৰ্শন কৰাত সদায় মুখ্য ভূমিকা পালন কৰিব৷


‘অসমীয়া ডেকাৰ উক্তি’ লিখাৰ দৰে জ্যোতিপ্ৰসাদ ‘উপজিয়েই বিশ্বনাগৰিক’ হৈ আহিছিল৷ তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’লেহে ওপজা দিন পালন কৰাৰ সাৰ্থকতা থাকিব বুলি মন্তব্য কৰে ড০ শইকীয়াই ।ইপিনে তেজপুৰৰ ঐতিহাসিক “পকী “অৰ্থাৎ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ জ্যোতি ভাৰতীত ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ হোৱাৰ পিছত জ্যোতি ভাৰতীৰ শিল্পীয়ে জ্যোতি সংগীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কমলা নগৰৰ সমাধি ক্ষেত্ৰত অগপৰ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হোৱাৰ লগতে ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত বাণ থিয়েটাৰতো কাৰ্যনিৰ্বাহক সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰে ।

Related Articles