কৰিমগঞ্জত নিশা ভয়ংকৰ ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,১৯ জুন : কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । নিশা ভয়ংকৰ ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হৈছে। মঙলবাৰে নিশা প্ৰায় ১২টা৩০ মিনিট‌ বজাত বদৰপুৰৰ এংলাৰবজাৰ বেণ্ডাৰগোল গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ভূমিস্খলনত শিশু সহ একেটা পৰিয়ালৰ পাচ জন লোকৰ কৰুণ মৃত্যু হয়।


জানিব পৰা মতে, নিশা ঘৰৰ কাষৰ পাহাৰ হঠাৎ ভাঙি ঘৰৰ ওপৰত বাগৰি পৰাত পাঁচজন লোকৰ মৃত্যু হয়। ভূমিস্খলন হোৱাৰ ফলত সমগ্ৰ ঘৰটো ভাঙি পৰে। খবৰ পাই লগে লগে ওচৰ-চুবুৰীয়াই আহি মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰে।


ভূমিস্খলনত প্ৰাণ হেৰুৱায় ৰহিমুন নেছা (৫৫), সাহিদা খানম (১৮), জাহিদা খানম (১৬), হামিদা খানম (১১) আৰু মেহদি হাছান (৩)। নিহত হোৱা কেইগৰাকী হৈছে আব্দুল কৰিমৰ পত্নী ৰহিমুন নেছা,কন্যা সাহিদা, জাহিদা আৰু হামিদা। তদুপৰি মেহদী হ’ল একমাত্ৰ নাতি। এই দিনা ৰাতি আন এটা কোঠাত তেওঁলোকৰ দেউতাক আব্দুল কৰিম আৰু আন এগৰাকী কন্যা আছিল। দুয়ো হঠাতে এটা জোকাৰণিৰ শব্দ শুনিবলৈ পায়। পিছত দেউতাকে দেখে যে সিটো কোঠালিত বৃহৎ আকাৰৰ মাটিৰ তলত সকলো পুত গৈছে । তেওঁ লগে লগে ওচৰ চুবুৰীয়াক খবৰ দিয়ে। ঘটনাটো মছজিদৰ ইমামে মাইকত ঘোষণা কৰে । পিছলৈ মানুহ গোট খায়। খবৰ দিয়া হয় আৰক্ষীক। আৰক্ষী বাহিনী আৰু এছডিআৰ এফ আহি উদ্ধাৰ চলায়। ৰাতি ২ টা মান বজাত উদ্ধাৰ হয় মৃতদেহকেইটা। এই ঘটনাত সমগ্ৰ গাঁওখনত দুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

Related Articles